চাৰিঙত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক নিজ গৃহতেই যৌন নিৰ্যাতন ফেৰিৱালাৰ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত চাৰিং বাৰুৱতী গাঁৱত আজি দুপৰীয়া এজনী কন্যাশিশুক এটা ফেৰিৱালাই নিজ গৃহতেই যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
ঘটনাৰ বিৱৰণি মতে আজি দুপৰীয়া প্ৰায় বাৰ বজাত আন দিনাৰ দৰেই চিনাকী ফেৰীৱালাটো গাওঁখনৰ সেই শিশুটিৰ ঘৰত সোমায়৷
সেই সময়ত বাহিৰত মূষলধাৰ বৰষুণ৷ কন্যাশিশুটিৰ পিতৃ টিভি চোৱাত ব্যস্ত আছিল৷ মাতৃও পাক ঘৰত ইটো সিটো কাম কৰি আছে ৷ তেনে সময়তে চিনাকী ফেৰিৱালাজন দেখি নিঃসংকোচে বাহিৰলৈ ওলাই আহিছিল দ্বিতীয় শ্ৰেণীত পঢ়া কন্যাশিশুটি৷
লম্পট ফেৰিৱালাজনে এনে সুযোগতে কন্যাশিশুক বাহিৰৰ এখন বেঞ্চত নেইল-প’লিছ লগোৱাৰ অচিলা লৈ বিভিন্ন কথা কৈ কৈ শৰীৰৰ আপত্তিজনক ঠাইত স্পৰ্শ কৰে৷ ইতিমধ্যে কন্যাশিশুটিৰ পিতৃয়ে বাহিৰত কোনে কথা পাতি আছে সেয়া চাবলৈ আহি নিজ কন্যাক ফেৰীৱালাটোৱে যৌন নিৰ্যাতন চলোৱা দেখি অগ্নিশৰ্মা হৈ লম্পট চৰিত্ৰৰ ফেৰিৱালাজনক মাৰ-ধৰ কৰাৰ উপৰিও তেওঁৰ গাৰ কানি-কাপোৰ ফালি চিৰি পেলায়৷ পাছত অপৰাধীজনক ঘৰতে বহুৱাই থৈ গৌৰীসাগৰ থানাত এই ঘটনাটো অৱগত কৰাৰ বাবে ওলাই যায়।
অনহাতে আৰক্ষী অহাৰ পূৰ্বেই চতুৰ ফেৰিৱালাজনে কন্যাশিশুটিৰ দেউতাকৰ চাইকেলখন লৈ পলায়ন কৰে৷ উল্লেখ্য্য যে ধাৰাসাৰ বৰষুণ দি থকাৰ বাবে শিশুটিৰ পিতৃয়ে ওচৰৰ কাকো এই সন্দৰ্ভত খবৰ নিদিয়াকৈ থানালৈ ওলাই যোৱাৰ সুযোগ ললে লম্পট ফেৰিৱালাজনে৷
ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।