NORTHEAST NOW (Assamese)
অসম

সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ দ্বাদশ ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

Posted by: এন ই নাও নিউজ September 11, 2018 11:56 am
'BAAGH' on First Night of 12th Annual Brajanath Sharma Memorial Inter-State Drama Festival

অপেছাদাৰী নাট্যগোষ্ঠী সমাহাৰে ১০ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত জিলা পুঁথিভৰালত অনুষ্ঠিত কৰা দ্বাদশ বার্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন সোমবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা পদ্মশ্ৰী জতিন গোস্বামীয়ে।

দ্বাদশ বার্ষিক নাট সমাৰোহ উপলক্ষে আয়োজকে প্ৰস্তুত কৰি উলিওৱা স্মাৰক পত্ৰিকা ‘কহিনুৰ’ উন্মোচন কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাপতি আমিনুল হকে। আনহাতে ব্ৰজনাথ শৰ্মাৰ নাতিনীয়েক নিলাক্ষী মিশ্ৰ শৰ্মাই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে।

এই অনুষ্ঠানৰ পাছতে মঞ্চস্থ্য কৰা হয় দ্বাদশ নাট সমাৰোহৰ প্ৰথমখন নাট ‘বাঘ’। শিশিৰ কুমাৰ দাসৰ ৰচিত তথা মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা অনুবাদিত জনপ্ৰিয় নাটক ‘বাঘ’ পৰিৱেশন কৰে গুৱাহাটীৰ জিৰছং থিয়েটাৰৰ ক’লা-কুশলীয়ে। নাটখন পৰিচালনা কৰে ৰবিজিতা গগৈয়ে।

উল্লেখ্য যে দ্বাদশ বৰ্ষত ভৰি দিয়া উক্ত সমাৰোহে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠানৰূপে ইতিমধ্যে পৰিচিতি লাভ কৰিছে। নাট্যগোষ্ঠী সমাহাৰে অসমত ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ-পুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্ৰয়াত ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত ২০০৭ চনৰ পৰা প্ৰতিবছৰে এই নাট সমাৰোহৰ আয়োজন কৰি আহিছে।