NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

Posted by: মিণ্টু দাস September 11, 2018 3:39 pm
dac8500e-1543-4c90-96d3-a0d289a575c7

আধুনিক অসমৰ প্ৰাণ প্ৰতিষ্ঠাতা, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি। ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি। সেই উপলক্ষে সত্ৰ-নামঘৰত পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ মহা আয়োজন চলিছে।

সমান্তৰালভাৱে নগাঁও জিলাৰ বৰদোৱা-বেবেজীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন স্থানত গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰে। ইয়াৰ উপৰি আই-মাতৃসকলৰ উষা-কীৰ্তনেৰে বৰদোৱা থান মুখৰিত হৈ পৰে।

ঠিক সেইদৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলাই বেবেজীয়া পালনাম থানত দিনজোৰা কাৰ্যসূচীৰে শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰে। এই উপলক্ষে পালনাম থানত নাম-প্ৰসংগৰ লগতে বুঢ়া আতাসকলে মহা পালনাম কীৰ্তন কৰে।

আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ৰ নগাঁৱৰ মূল নামঘৰত আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে।

গুৰুজনাৰ মহাপ্ৰয়াণৰ দিনটোত আজি সমগ্ৰ নগাঁও জিলা মহাপুৰুষজনাৰ অমৰ সৃষ্টি নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰে। অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহপুৰুষগৰাকীৰ তিৰোভাৱ তিথিত সত্ৰ নামঘৰসমূহত গুৰুজনাক সুঁৱৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।