NORTHEAST NOW (Assamese)
অসম

ৰাজ্যজুৰি গুৰুজনাৰ তিৰোভাৱ তিথি পালন : সত্ৰনগৰী বৰপেটাত কীৰ্তন মহোৎসৱ

Posted by: পুলেন্দ্ৰ দাস September 11, 2018 11:36 pm
pulendra Barpeta sankar tithi.Photo

নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে ভক্তি আন্দোলনৰ জাগৰণ তুলি অসমীয়া সমাজ জীৱনক কুসংস্কাৰৰ পৰা মুক্ত কৰা মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ আজি  তিৰোভাৱ তিথি ৰাজ্যৰ সত্ৰ, থান সমূহত সত্ৰীয়া ৰীতি নীতিৰে পালন কৰা হয় ৷ এই উপলক্ষে আজি সত্ৰনগৰী বৰপেটাত পালন কৰা হয় কীৰ্তন মহোৎসৱ ৷

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ হিচাপে পালন কৰি অহা হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱ বৰপেটা সত্ৰত সাতদিনীয়াকৈ পালন কৰা হয় ৷

কীৰ্তন মহোৎসৱ উপলক্ষে  বৰপেটা সত্ৰৰ স্বকীয় পৰম্পৰা অনুসৰি অইন দিনৰ দৰে আজি পুৱাও নিত্য প্ৰসংগ কৰাৰ পিছত গায়ন বায়নসকলে গুৰুঘোষা বজাই দুটা পুৱাৰ গীত গোৱাৰ পিছত কৃষ্ণ, বলোৰাম  আৰু বাৰগোপাল সহিতে ভোজন বেহাৰ পাঠ কৰে ৷

আবেলি সমূহ ভকতৰ দ্বাৰা ঘোষা কীৰ্তন গোৱাৰ পিছত ওজা বংশৰ দ্বাৰা ব্যাহ কীৰ্তন কৰা হয় ৷ ইয়াৰ পিছতে বৃন্দাবনহাটীৰ বাপুসকলে বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে ৷

পুৰণি পৰম্পৰা অনুসৰি এই কৰভাৰত চাউল, কাচকল, কোমোৰা, ঔ টেঙা, মিঠাতেল, নিমখ আদি প্ৰদান কৰা হয় ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, জনীয়া আদি সত্ৰতো পালন কৰা হয়।