NORTHEAST NOW (Assamese)
অসম

বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা; পথৰ মাজত পুখুৰী সদৃশ গাতৰ সৃষ্টি  

Posted by: এন ই নাও নিউজ September 13, 2018 7:20 am
IMG-20180912-WA0006

বজালী মহকুমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া স্থানীয় ৰাইজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো পথটোৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বিভিন্ন জনে। ইমানৰ পিছতো পথছোৱা মেৰামতিৰ নামত কোনো ধৰণৰ ব্যৱস্থ্যা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ চূড়ান্ত হেমাহি আৰু পথ নিৰ্মাণকাৰী সংস্থা কুঞ্জ মোহন কনষ্ট্ৰাকচন চমুকৈ কে এম চি নামৰ কোম্পানীটোৱে পথ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম, দুৰ্নীতি আৰু কামৰ শামুকীয়া গতিয়ে সৰ্বস্তৰৰ ৰাইজক জলা কলা খুৱাই আহিছে।

উল্লেখযোগ্য যে পাঠশালা, পাটাছাৰকুছি, দেনাৰট্টাৰী, ধুমাৰকুৰ, তালতল ভৱানীপুৰ আদি প্ৰায়ভাগ অংশতে নতুনকৈ নিৰ্মাণ কৰা পথৰ মাজত পৰিলক্ষিত হৈছে চিৰাল ফাটবোৰ।

মহকুমাটোৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাটাছাৰকুছি বেজকুচিৰ পৰা কালঝাৰলৈ ২৭.২ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা কে এম চি নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে ফৰলেন যুক্ত কৰাৰ বাবে দায়িত্ব লাভ কৰি ২০০৫ বৰ্ষতে পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু আজি পৰ্যন্ত পথচোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল।

পথ নিৰ্মাণকাৰী সংস্থাৰ টৰম অৱহেলাৰ বাবে এতিয়া পথটোত প্ৰায় সংঘটিত হৈ আহিছে দূৰ্ঘটনা। যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ বাবে কে এম চি সোণৰ কণী দিয়া হাহ বুলি মন্তব্য কৰিছে।

পথছোৱা নিৰ্মাণৰ বাবে দুশ কোটি টকা আবন্টন পোৱা কে এম চিয়ে চাৰিখন দলং আৰু এখন ৰেলৱে অভাৰ ব্ৰীজৰ কাম আজিলৈ সম্পূৰ্ণ কৰি উলিয়াব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দিছে স্থানীয় দল-সংগঠন তথা ৰাইজে।