NORTHEAST NOW (Assamese)
অসম

জি ভি কেৰ সৈতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কমিশ্যনৰ অংক আছে : ধৰ্মকান্ত গগৈ

Posted by: কল্পজ্যোতি শইকীয়া September 13, 2018 12:48 pm
7cd29938-a2bd-4f3f-96ac-9580e3255587

বিগত ৯ দিন ধৰি জৰুৰীকালীন ১০৮, ১০২ আৰু ERO কৰ্মচাৰী সন্থাই অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি তথা প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পাছতো গা লৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু জি ভি কেৰ । এই আন্দোলনৰ বাবে ১০৮, ১০২ জৰুৰীকালীন এম্বুলেন্স সেৱা বন্ধ হৈ পৰাৰ ফলত এতিয়া ৰাজ্যজুৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ যে আজি উক্ত প্ৰতিবাদকাৰী সকলে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ মুখ্য কাৰ্যালয়ৰ সম্মুখত পুৱা ১১ বজাৰ পৰা এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈ উপস্থিত থাকি স্পষ্ট ৰূপত কয় যে জি ভি কেৰ সৈতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কমিশ্যনৰ অংক আছে। সেই বাবে ৯ দিন উকলি যোৱাৰ পাছতো স্বাস্থ্য বিভাগে এই সকল জৰুৰীকালিন ১০৮ আৰু ১০২ কৰ্মচাৰীৰ দাবী সমূহ মানি ল’ব পৰা নাই।

78cf4c75-9952-4030-8025-98f0def0717b
ফটো : নৰ্থ-ইষ্ট নাও

তেওঁ লগতে কয় যে জনতাৰ কথা শুনিবলৈ বিজেপি চৰকাৰখনৰ সময় নাই। বৰঞ্চ চৰকাৰৰ কথা হে জনসাধাৰণে শুনিব লাগে। উক্ত প্ৰতিবাদতে তেওঁ প্ৰতিবাদকাৰী সকলক আদালতৰ দ্বাৰষ্ঠ হ’বলৈ আহ্বান জনায়।

ইয়াৰ উপৰি ধৰ্মকান্ত গগৈয়ে চৰকাৰখনক এক বিকল টেলিফোনৰ সৈতে তুলনা কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আউট গ’য়িং আছে কিন্তু ইনকামিং নাই।

ইফালে প্ৰতিবাদকাৰী সকলে স্বাস্থ্য মন্ত্ৰী গ’ বেক, স্বাস্থ্য বিভাগ হুচীয়াৰ, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে NHMৰ কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ উত্তাল কৰি তোলে।

আজিৰ প্ৰতিবাদত প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু তেওঁলোকে কৰ্মৰ সময় ১২ ঘণ্টাৰ পৰিবৰ্তে ৮ ঘণ্টালৈ হ্ৰাস কৰা, ২০০৮ৰ পৰা ২০১৪লৈ কৰ্মচাৰী সকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি আৰু ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত জি ভি কে EMRIয়ে প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া ধন সমূহ মুকলি কৰি দিয়া, তেওঁলোকৰ কৰ্মৰ অনুপাতে প্ৰাপ্য মজুৰি আদায় দিয়া ইত্যাদিৰ দাবীত বিগত ৯ দিন ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে।