NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাণী; ৪ বাৰকৈ পানী এৰিলে নীপকোৰ ৰঙানদীৰ প্ৰকল্পৰ

Posted by: এন ই নাও নিউজ September 13, 2018 7:55 pm

লখিমপুৰ জিলাত পুনৰ বানৰ আশংকা কৰিছে স্থানীয় ৰাইজে। শেহীয়াকৈ আজি তিনিদিনকৈ ধৰি জিলাখনত হোৱা নেৰানেপেৰা বৰষুণৰ লগতে অৰুণাচলৰ পাদদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ৰঙানদী আৰু ইয়াৰ উপনদী সমূহত জলপৃষ্ঠ বৃদ্ধি পাইছে।

তাৰোপৰি নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত নদীখনে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলত ৰঙানদীৰ নামনিত ভয়াৱহ বানৰ আশংকা কৰা হৈছে।

ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে নৈপৰীয়া লোকসকললৈ এই সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰি এক জাননী প্ৰেৰণ কৰিছে।  নৈপৰীয়া লোকসকলক  ৰঙানদীত নাও বোৱা, মাছধৰা আৰু সাঁতোৰাৰ পৰা বিৰত থকাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে আহ্বান জনাইছে।

অৱশ্যে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰেৰণ কৰা জাননীৰ জৰিয়তে লখিমপুৰবাসীক এই সন্দৰ্ভত আতংকিত নহ’বলৈও আহ্বান জনাইছে।

প্ৰাপ্ত তথ্য মতে বুধবাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে ৰঙানদীৰ প্ৰকল্পৰ গে’ট ৪ বাৰকৈ খুলিছে। পুৱা ১০.৩০ বজাত ১৫০০ মিঃ মিঃ পানী খুলি দিয়াৰ পিছত সন্ধিয়া পুনৰ ৫.৪৫ বজাত ১৮০০ মি. মি. পানী নীপকোৱে এৰিছে বুলি জানিব পৰা গৈছে।