NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ তিনিহেজাৰ ছাত্ৰ-ছাত্ৰীক মিজিল্ছ ৰুবেলা টিকাকৰণৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ September 14, 2018 7:11 am
Rubela Nagaon.Photo

নগাঁও জিলাৰ বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মিজিল্ছ ৰুবেলা টিকাকৰণ কৰাৰ  ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

খ্ৰীষ্টজ্যোতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা প্ৰায় তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে এই ৰুবেলা টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, সমগ্ৰ অসমতে চলি থকা এই মিজিলছ্ ৰুবেলা টিকাকৰণৰ প্ৰদান কাৰ্যসূচীৰ এক অংশ হিচাপে নগাঁও জিলাৰ বুঢ়াগোঁহাই থান প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰই আয়োজন কৰা এই টিকাকৰণ শিবিৰত খীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

টিকাকৰণ কাৰ্যসূচীত তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে জিলা টিকাকৰণ বিষয়া ডা: জে কে দাস। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টিকাকৰণ শিৱিৰত বৃহস্পতিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত বুঢ়াগোঁহাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ উৎপল হাজৰিকা, চিলঙনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা: আচিকুচ জামান, ডা: মেৰি মহন্ত আৰু বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰবন্ধক ৰঞ্জন শইকীয়া উপস্থিত থাকে |