NORTHEAST NOW (Assamese)
অসম

‘মিছন ১০০’ৰ অধীনত তিনিচুকীয়াত বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ উদ্বোধন

Posted by: মানস প্ৰতিম গগৈ September 15, 2018 9:46 pm
Mission 100 at Tinisukia
‘মিছন ১০০’ৰ অধীনত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে আজি মুঠ এশটা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ ২ নং হেবেদা গাঁৱত এক কোটি ২০ লাখ টকাৰে নিৰ্মাণ কৰা বিশুদ্ধ খোৱাপানী প্ৰকল্প উদ্বোধন কৰা হয়।
আজিৰ এই কাৰ্যসূচীত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশান, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু জিলাখনৰ কেইবাজনো উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বকোত উক্ত ‘মিছন ১০০’ প্ৰকল্প উদ্বোধন কৰাৰ পিছতে ইয়াৰ আধাৰত সমগ্ৰ অসমতে একেসময়তে ১০০ পানী যোগান প্ৰকল্প মুকলি কৰা হয়।
তদুপৰি উক্ত কাৰ্যসূচীৰ লগতে আজি মুখ্য মন্ত্ৰীয়ে বকোত ‘স্বচ্ছতাই সেৱা ২০১৮’ আনুষ্ঠানিক শুভাৰম্ভ কৰে। মাকুম মহাবিদ্যালয়ত ‘স্বচ্ছতাই সেৱা ২০১৮’ শীৰ্ষক আঁচনি শুভাৰম্ভ কৰি সঞ্জয় কিশানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ স্বপ্ন আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেউজী ধৰণী অসম গঢ়াৰ তথা দুৰ্গন্ধ-আবৰ্জনা মুক্ত সমাজ গঢ়াৰ এই প্ৰয়াসক পুৰ্ণ কৰাত প্ৰতিজন সমাজ সচেতন নাগৰিক দায়বদ্ধ হ’বলৈ আহ্বান জনায়।