NORTHEAST NOW (Assamese)
অসম

৩ অক্টোবৰৰ পৰা যাত্ৰীবাহী গাড়ীৰ কমেও ৪০ শতাংশ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত মটৰ পৰিবহন সন্থাৰ

Posted by: এন ই নাও নিউজ September 16, 2018 8:25 am
ghy-570x320

পেট্ৰ’ল ডিজেলৰ মৃল্য বৃদ্ধিৰ অচিলা লৈ অহা মাহৰ পৰা সকলো যাত্ৰীবাহী গাড়ীৰ ভাৰা বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে সদৌ অসম মটৰ পৰিবহণ সন্থা। কমেও ৪০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ সন্থাই সিদ্ধান্ত লৈছে।

পে’ট্ৰল-ডিজেলৰ দৰ দৈনিক বৃদ্ধি পাই থকাৰ কাৰণে অহা ৩ অক্টোবৰৰ পৰা ৪০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ বাধ্য হ’ব বুলি পৰিবহণ সংন্থাটোৰ বিষয়ববীয়া প্ৰদীপ দাসে জানিবলৈ দিছে।

তেওঁ কয় যে পে’ট্ৰল ডিজেলৰ দৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিলে ভাৰা বৃদ্ধি কৰাৰ কোনো যুক্তি নাই। কিন্তু শেহতীয়াকৈ প্ৰতিদিনে তেলৰ দৰ বৃদ্ধি পাই আহিছে। পে’ট্ৰল-ডিজেলৰ দৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰাৰ কথা কৈ চৰকাৰ নিৰৱে আছে যদিও বৰ্ধিত দৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ নিৰ্ধাৰিত নিৰিখত যাত্ৰীবাহী গাড়ী চলোৱাটো কোনো কাৰণতে সম্ভৱ নহয়। সেয়েহে বাধ্য হৈ ভাৰা বৃদ্ধিৰ এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে সদৌ অসম  মটৰ পৰিবহণ সন্থাই ২০১৭ চনৰ পৰাই ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে। যোৱা ৩১ আগষ্টত শেষবাৰৰ বাবে সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। সেই সময়ত মটৰ পৰিবহণ সন্থাক পাটোৱাৰীয়ে ভাৰা বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই পৰ্যন্ত চৰকাৰে কোনো সিদ্ধান্ত ঘোষণা নকৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজাববীয়া ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লয়।

এতিয়া দুই এদিনতে পে’ট্ৰল-ডিজেলৰ দৰ হ্ৰাস নাপালে যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে। আনহাতে, বৰ্ধিত ভাৰা আদায়কলৈ যাত্ৰীৰ সৈতে যাত্ৰীবাহী বাহনৰ কৰ্মচাৰীৰ সংঘাত প্ৰত্যক্ষ কৰিবলগীয়া যে নহ’ব তাৰো কোনো নিশ্চয়তা নাই।