NORTHEAST NOW (Assamese)
অসম

ভূটানৰ নিৰ্বাচন : ভ্ৰমণকাৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে ছামদ্ৰুপ জংখাৰৰ সীমান্ত প্ৰৱেশ পথ

Posted by: দীপক কুমাৰ পাঠক September 16, 2018 12:14 pm
Indo-Bhutan-gate-570x320

শনিবাৰে অনুষ্ঠিত হোৱা ভূটানৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শচীপুৰৰ ২ নং গেৰেজ লাইনৰ সকলোবোৰ দোকান পোহাৰ তথা আন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান শুকুৰবাৰৰ সন্ধিয়াৰ পৰাই বন্ধ ৰখা হৈছে।

নিৰ্বাচনৰ বাবে শুকুৰবাৰে বিয়লি ছামদ্ৰুপ জংখাৰৰ প্ৰৱেশ পথৰ মূল গেইটখন বন্ধ কৰি দিয়া হয়।

ইয়াৰ বাবে ভূটানৰ পৰা ভাৰতলৈ কোনো লোক ওলাই আহিবলৈ অনুমতি দিয়া হোৱা নাই। একেদৰে ভাৰতৰ পৰা বা আন কোনো বিদেশী নাগৰিকক ভূটানৰ ভিতৰত প্ৰৱেশ কৰিবলৈও দিয়া নাই।

শুকুৰবাৰৰ সন্ধিয়াৰে পৰা ভাৰত-ভূটান সীমান্তত থকা সকলোবোৰ দোকান বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ ফালৰ লোকসকল বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তদুপৰি, প্ৰৱেশ পথৰ গেইটখন বন্ধ থকাৰ বাবে ভূটানৰ প্ৰৱেশ পথৰ পৰাই পৰ্যটকসকল ঘুৰি আহিবলৈ বাধ্য হৈছে।

এক সূত্ৰ অনুসৰি ভূটানৰ ছামদ্ৰুপ জংখাৰ চহৰৰ মূল প্ৰৱেশ গেইটখন দেওবাৰে সন্ধিয়ালৈকে বন্ধ থাকিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূটানৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ফলাফলত দুৰ্ভাগ্যজনকভাৱে শাসনত থকা প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে’ৰ পীপলছ ডেম’ক্ৰেটিক পাৰ্টি (পিডিপি) নিৰ্বাচনী যুঁজৰ পৰা উৎখাত হৈছে আৰু অহা মাহত হ’বলগীয়া দ্বিতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ যুঁজত ই নাথাকিব।

ইয়াৰ বিপৰীতে ড০ লটে শ্বেৰিঙৰ নেতৃত্বৰ ড্ৰাংক ন্যামৰূপ ছগ’পা (ডিএনটি) আৰু ড্ৰাংক ফুৱেনছাম ছগ’পা (ডিপিটি)ইঅহা ১৮ অক্টোৱৰত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব। ডি এন টিয়ে বৰ্তমান সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছে।