NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত গ্ৰেপ্তাৰ সন্দেহজনক চীনা চোৰাংচোৱা

Posted by: এন ই নাও নিউজ December 27, 2017 8:44 pm

মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰেৰ সমীপৰ টেংনৌপাল জিলাত অসম ৰাইফলচে চোৰাংচোৱা সন্দেহত এজন চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰে। ঘটনাটোৱে চীন আৰু ভাৰতৰ জটিল দ্বি-পাক্ষিক সম্পৰ্কক লৈ গুৰুতৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক কিন মিন জিভ জিয়াং বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ ঘৰ চীনৰ ফুজিয়ান প্ৰদেশত বুলি জানিব পৰা গৈছে। ৫৫ বছৰীয়া চীনা নাগৰিকজনে ম্যানমাৰৰ পাৰ মণিপুৰলৈ প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে। সন্দেহজনক ব্যক্তি গৰাকী অসম ৰাইফলচে মণিপুৰ আৰক্ষীক গতাই দিয়ে। তেওঁৰ হাতৰ পৰা চীনা, ভিয়েটনামী আৰু বাৰমীজ বিভিন্ন নথি-পত্ৰ, বিদেশী মুদ্ৰা, ৩টা পেনদ্ৰাইভ আৰু এটা কম্পাছ জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰই কয়। মণিপুৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি টি মিনাও গাঁৱৰ সমীপৰ এটা পথেদি ম্যানমাৰৰ পৰা ভাৰতলৈ এজন চীনা চোৰাংচোৱাই প্ৰৱেশৰ চেষ্টা কৰিছে বুলি তেওঁলোকে পোৱা খবৰৰ ভিত্তিত অসম ৰাইফলচৰ দল এটা ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় আৰু চীনা নাগৰিকজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক চোৰাংচোৱা বিষয়াৰ এটা দলে জেৰা চলাই আছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মণিপুৰৰ গৃহবিভাগে বিষয়টো সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ লগত সঘন যোগাযোগত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বিষয়টো নতুন দিল্লীৰ চীনা দূতাবাসৰ আগত তুলি ধৰিব।