NORTHEAST NOW (Assamese)
অসম

অসমৰ প্ৰতিবাদলৈ বুঢ়া আঙুলি বিজেপিৰ, শীঘ্ৰেই সদনলৈ নাগৰিকত্ব বিধেয়ক!

Posted by: ৰাজীব ৰয় September 18, 2018 11:53 pm

অসমৰ সকলো খিলঞ্জীয়া দল-সংগঠনৰ সৰ্বাত্মক বিৰোধিতা ভৰিৰে মোহাৰি সংসদৰ আসন্ন লোকসভা অধিৱেশনত নাগৰিকত্ব বিধেয়ক ২০১৬ উত্থাপন কৰিব বিজেপিয়ে।

‘দলে আসন্ন লোকসভা অধিৱেশনত বিধেয়কখন উত্থাপন কৰিব,’ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ উদ্ধৃতিৰে এই মন্তব্য কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাক উপত্যকাৰ জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থই।

বৰ্ষীয়ান নেতাজনৰ নেতৃত্বত নতুন দিল্লীলৈ যোৱা বৰাক বিজেপিৰ এটি ১১জনীয়া প্ৰতিনিধি দলক মঙলবাৰে সাক্ষাৎকালত এই আশ্বাস দিছে ৰাম মাধৱে।

মাধৱৰ সৈতে দলটোৱে এন আৰ চি সন্দৰ্ভটো আলোচনা কৰে।

উল্লেখযোগ্য যে এই প্ৰতিনিধি দলটোৱে এন আৰ চি সন্দৰ্ভত আৰু ৫বিধ নথি গ্ৰহণৰ প্ৰস্তাৱেৰে যোৱা দেওবাৰে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছিল।