NORTHEAST NOW (Assamese)
অসম

ডিমাপুৰৰ হিন্দী প্ৰতিষ্ঠানলৈ ১ লাখ টকা দান ৰাজ্যপাল আচাৰ্যৰ

Posted by: ভদ্ৰ গগৈ September 19, 2018 7:45 pm
Nagaland governor P.B. Acharya with principal and teachers of Government Hindi Institute, Dimapur at Raj Bhavan, Kohima on Wednesday.

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই ১৯ ছেপ্টেম্বৰত ডিমাপুৰৰ চৰকাৰী হিন্দী প্ৰতিষ্ঠানলৈ ১ লাখ টকা দান হিচাপে আগবঢ়াইছে। এই ধনখিনি প্ৰতিষ্ঠানটোৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বঁটা প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়োৱা হৈছে।

নাগালেণ্ডৰ একমাত্ৰ চৰকাৰী হিন্দী প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ সৈতে কোহিমাস্থিত ৰাজভৱনত বাৰ্তালাপৰ সময়ত ৰাজ্যপালগৰাকীয়ে এই ঘোষণআ কৰে।

স্থানীয় নাগা প্ৰাৰ্থীসকলক প্ৰাক-চাকৰিকালীন হিন্দী শিক্ষণৰ ওপৰত প্ৰশিক্ষণ প্ৰদা কৰাৰ বাবে ৰাজ্যপালগৰাকীয়ে প্ৰতিষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়ববীয়াসকলৰ শলাগ লয়।

প্ৰতিষ্ঠানখনৰ অধ্যক্ষ গুলাব চন্দ্ৰই ৰাজপালগৰাকীক জনাইছে যে হিন্দী শিক্ষাৰ এই প্ৰতিষ্ঠানখন ১৯৬৮চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু চলিত বৰ্ষৰ নৱেম্বৰত ইয়াৰ সোণালী জয়ন্তী উদযাপন কৰা হ’ব। তেওঁ আৰু জনাইছে যে প্ৰতিষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীৰ ধৰণটো নাগালেণ্ডৰ স্কুলীয়া শিক্ষা বিভাগে প্ৰিচালনা কৰে আৰু প্ৰতিষ্ঠানখনৰ আৰম্ভণিৰে পৰা ইয়াৰ পাঠ্যক্ৰম হিন্দী আগ্ৰাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা স্বীকৃত।

অধ্যক্ষগৰাকীয়ে ৰাজ্যপালক অৱগত কৰা মতে প্ৰতিষ্ঠানখনত অতি শীঘ্ৰেই শ্ৰেণীকোঠা, কাৰ্যালয় আৰু শৌচালয়সহ সঠিক বিদ্যালয়গৃহৰ প্ৰয়োজন। বৰ্তমানৰ বিদ্যালয়গৃহৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে বুলি তেওঁ ৰাজ্যপালগৰাকীক জনায়।

ৰাজ্যপালগৰাকীয়ে বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে।