NORTHEAST NOW (Assamese)
অসম

অসমৰ শিক্ষানুষ্ঠানত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব : ৰাজ্যপাল জগদীশ মুখী

Posted by: মিণ্টু দাস September 20, 2018 5:08 pm
26779a51-bfc3-40cf-a17f-ed84032c79b1

‘স্বচ্ছতাক সকলোৱে সেৱা হিচাপে গ্ৰহণ কৰা উচিত তেতিয়াহে দেশ আৰু সমাজক পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিব পাৰিম। জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বচ্ছতা আৰম্ভ কৰিছিল আৰু বৰ্তমান প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াক অধিক গতিশিল কৰি তুলিছে। পূৰ্বৰ তুলনাত এতিয়া মানুহৰ স্বচ্ছতাৰ প্ৰতি চিন্তা ধাৰা পৰিৱৰ্তন হৈছে’। এই মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ।

আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’ শীৰ্ষক অভিযান মুকলি কৰি এইদৰে মন্তব্য কৰাৰ লগতে মুকলিত মল ত্যাগৰ কাৰ্য পৰিত্যাগ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মতপোষণ কৰে। অহা ২ অক্টোবৰৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ ভাষণ প্ৰসংগত নগাঁৱক স্বচ্ছতাৰ ক্ষেত্রত অসমৰ ভিতৰত প্ৰথম শ্ৰেণীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। আনহাতে নিজকে শিক্ষাবিদ বুলি অভিহিত কৰি ৰাজ্যপাল মুখীয়ে কয়, অসমত উচ্চ শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব আৰু তেওঁ শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে শিক্ষানুষ্ঠানসমূহ চলাই থকা বিষয়টোৰ গুৰুত্বতা উপলব্ধি কৰি কয় যে অসমৰ শিক্ষা অনুষ্ঠান বিলাকত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব।

‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’  অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু,  জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু কেইগৰাকী জিলা প্ৰশাসনৰ বিষয়-ববীয়া উপস্থিত থাকে। অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে গাড়ীৰে নগাঁও চহৰ পৰিদৰ্শন কৰা দেখা যায়।