NORTHEAST NOW (Assamese)
অসম

অচিৰেই চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হ’ব চন্দ্ৰায়ন-২

Posted by: এন ই নাও নিউজ September 21, 2018 4:45 pm
j-1-750x375

অসমৰ বিশিষ্ট মহাকাশ বিজ্ঞানী জীতেন্দ্ৰ নাথ গোস্বামীয়ে কৈছে যে পৰৱৰ্তী ৪-৫ মাহত চন্দ্ৰায়ন-২ মহাকাশযান উৎক্ষেপণ কৰা হ’ব।

উল্লেখ্য যে চন্দ্ৰপৃষ্ঠত প্ৰথমবাৰৰ বাবে পানীৰ অনু আৱিষ্কাৰ কৰা ভাৰতৰ প্ৰথম চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰায়ন শ্ৰেণীৰ মহাকাশযানৰ এইখন দ্বিতীয় মহাকাশযান।

ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত ২০ ছেপ্টেম্বৰত প্ৰদান কৰা ‘ভাৰতৰ গ্ৰহ আৱিস্কাৰ কাৰ্যসূচী’ শীৰ্ষক বাৰ্ষিক ভাষণ প্ৰদান অনুষ্ঠানত অধ্যাপক গোস্বামীয়ে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে ভাৰতৰ কেইবাটাও সফল মহাকাশ অভিযান, যেনে চন্দ্ৰায়ন-১ আৰু মংগলায়ণ শ্ৰেণীৰ কৃত্ৰিম উপগ্ৰহসমূহৰ সৈতে অধ্যাপক গোস্বামী জড়িত হৈ আছে।

এই অনুষ্ঠানত পদ্মশ্ৰী আৰু অসমৰত্ন বঁটা প্ৰাপক বৈজ্ঞানিকগৰাকীয়ে ভাৰতৰ মহাকাশ অভিযান কাৰ্যসূচীৰ বিষয়ে পাৱাৰপইণ্ট প্ৰজেণ্টেশ্যন কৰে আৰু কেনেদৰে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হয় তাৰ এটা চমু আভাষ দিয়ে।

অধ্যাপক গোস্বামীয়ে আৰু কয় যে ভাৰতীয় মহাকাশ গৱেষণআ কেন্দ্ৰ (ইছৰো) বৰ্তমান চন্দ্ৰায়ন-২ৰ সফল উৎক্ষেপণ কৰাৰ কামত লাগি আছে। তেওঁ আৰু কয় যে আগন্তুক ৪-৫ মাহত চন্দ্ৰায়ন-২ উৎক্ষেপণ কৰাৰ কথা আছে। অৱশ্যে তেওঁ কয় যে অভিযানৰ সৈতে জড়িতসকলেহে সঠিক দানটো কব পাৰিব।

এই কাৰ্যসূচীটোত বহু কেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল।