NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

বাংলাদেশৰ নতুন ‘ডিজিটেল নিৰাপত্তা আইন’ বাক স্বাধীনতাৰ প্ৰতি ভাবুকি

Posted by: এন ই নাও নিউজ September 22, 2018 8:03 am
press-pic-750x375

বাংলাদেশত নতুনকৈ প্ৰৱৰ্তন কৰা ডিজিটল নিৰাপত্তা আইন-২০১৮ য়ে সংবাদ মাধ্যমৰ স্বাধীনতালৈ সংকট লৈ অহাৰ লগতে বাক স্বাধীনতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ পৰা প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশিত হৈছে সংস্থাটোৰ দক্ষিণ এছিয়া কেম্পাইনা ছাড হামদাদিৰ উদ্বৃতিৰে কৈছে, ‘ এই আইনে বাক স্বাধীনতাৰ ওপৰত ভয়ংকৰ নিষেধাজ্ঞা আৰোপ কৰিছে। অতীতৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ই তাক পুনৰাবৃত্তি কৰিব বিছাৰিছে।
হামদাদিৰ উদ্বৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে চৰকাৰে সম্পাদকৰ অনুমোদনৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাৰ লগতে নাগৰিক সমাজে বিধেয়কখনৰ বিৰুদ্ধে প্ৰকাশ কৰা আশংকাৰ প্ৰতি চৰকাৰে অমনোযোগিতা দেখুৱাইছে। আন্তৰ্জাতিক প্ৰতিশ্ৰুতিৰ সতে আপোচ কৰা ই দমনমূলক আইনখন চৰকাৰে উঠাই ল’ব লাগে।

এই আইনৰ দফা ৪৩ অনুসৰি, বাংলাদেশৰ আৰক্ষীয়ে যদিহে কোনো ব্যক্তিয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে বাংলাদেশৰ মুক্তিযুদ্ধ, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্টীয় পতাকাৰ বিৰুদ্ধে প্ৰৰোচনামূলক বাৰ্তা প্ৰচাৰ কৰে বা তাৰ সাক্ষ্য প্ৰমাণ ধ্বংসৰ প্ৰচেষ্টা চলায়, তেন্তে সেই ব্যক্তিৰ ১০ বছৰ পৰ্যন্ত কাৰাবাস আৰু এই অপৰাধ পুনৰ কৰিলে সৰ্বোচ্চ শাস্তি যাৱজ্জীৱন কাৰাবাস পৰ্যন্ত হ’ব পাৰে।

উললএখ্য যে ২০১৮ৰ আৰম্ভণিত চৰকাৰে এই কঠোৰ তথ্য প্ৰযুক্তি আইনখন আইনখনৰ ৫৭ নং দফাটো উঠাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও নতুনকৈ বলৱৎ কৰা ডিজিটেল নিৰাপত্তা আইনখনে তথ্য আৰু যোগাযোগ প্ৰযুক্তি আইনৰ দফা নং ৫৭ক দৃঢ়তাহে প্ৰদান কৰিলে।