NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত বন্ধ হ’ব বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ধৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠান : নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

Posted by: এন ই নাও নিউজ September 23, 2018 9:12 am
Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

গোলাঘাট জিলাৰ বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ঘৰি বহুতো অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান অতি শীঘ্ৰে বন্ধ হ’ব। এই নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ।

উল্লেখযোগ্য যে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পাৰ্কিঙৰ সুব্যৱস্থা নথকা, অবৈধভাৱে হোটেল-ৰেস্তোৰা, দোকান-পোহাৰ নিৰ্মাণ কৰাৰ বাবে এই সমূহ উচ্ছেদ কৰিবৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

১০০ কোটি টকাৰ পেকেজ ৰূপায়ণেৰে গোলাঘাটক নগৰক উন্নয়ন কৰাৰ উদ্দেশ্যে নগৰ উন্নয়ন তথা কৃষি মন্ত্ৰী অতুল বৰাই ২২ ছেপ্টেম্বৰত গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে।

এই পৰ্যালোচনা সভাতে বিভিন্ন দল-সংগঠন, বিশিষ্ট ব্যক্তিৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত উক্ত নিৰ্দেশ প্ৰদান কৰে।

সভাত মন্ত্ৰী গৰাকীয়ে জিলাখনত বে-আইনীভাৱে দোকান-পোহাৰ নিৰ্মাণ কৰি তীব্ৰ যান-জঁটৰ সৃষ্টি কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ২৪ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু চক্ৰ বিষয়া লখিমী দত্তক নিৰ্দেশ দিয়ে।

একেদৰে বিশাল মেগামাৰ্ট, হোটেল, ৰেস্তোৰাকে ধৰি বাকী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে নগৰখনৰ সুন্দৰ কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ ৰঙাজানত সিংহদুৱাৰ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ, তেতেলীতল, হামদৈকে ধৰি চাৰিখন আদৰণী তোৰণ নিৰ্মাণৰ পৰিকল্পনা কৰে।

তাৰোপৰি গোলাঘাট জিলাৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন এথলেটিকছৰ অনুশীলনৰ উপযোগী কৰি তোলাকে ধৰি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাত গ্ৰহণ কৰা হয়।