NORTHEAST NOW (Assamese)
অসম

চামগুৰিত তিনি গভাইত চোৰ গ্ৰেপ্তাৰ; চোৰৰ কৱলৰ পৰা ৬টা পানী সিঁচা মটৰ উদ্ধাৰ

September 23, 2018 11:44 pm
Thieves arrested

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চাপানলা আৰু বাঘবৰালিৰ পৰা চামগুৰি আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত তিনিজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে কালি নিশা এক গোপন সূত্ৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে প্ৰথমে চামগুৰি বাঘবৰালিত অভিযান চলাই মহেন্দ্ৰ ৰাভা (১৮) আৰু খবিত বসুমতাৰী (১৯) নামৰ চোৰ দুজনক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, চোৰ দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি পুৱা বিভিন্ন ঠাইত অভিযান চলাই দীৰ্ঘদিন ধৰি চামগুৰি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা চুৰি হোৱা ৬ টা পানী সিঁচা মটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিষ্ণু বসুমতাৰী (১৯) নামৰ আন এজন গভাইত চোৰক চাপানলাৰ পৰা কৰায়ত্ব কৰে বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।

বৰ্তমান আৰক্ষীয়ে চোৰকেইটাক নিজৰ জিম্মাত ৰাখি জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।