NORTHEAST NOW (Assamese)
অসম

বিটিএডি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচী

Posted by: ৰিনয় বসুমতাৰী September 25, 2018 6:56 pm
download

বিটিএডিৰ অন্তৰ্গত সকলো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ (মহাবিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয়লৈকে) সমস্যাসমূহ সমাধান কৰাৰ দাবীত বিটিএডি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচীয়ে আজি দ্বিতীয় দিনত ভৰি দিছে।

সদৌ বিটিএডি কনিষ্ঠ মহাবিদ্যালয় সন্থাৰ সভাপতি সোণেশ্বৰ নাৰ্জাৰী আৰু অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ সদৌ কৰ্মচাৰী সন্থাৰ (প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ) সম্পাদক ক্ৰমে আৰু ইন্দ্ৰ বসুমতাৰীয়ে এটা সংবাদ বিজ্ঞপ্তিযোগে ২৫ ছেপ্টেম্বৰত জনাইছে যে সদৌ বিটিএডি কনিষ্ঠ মহাবিদ্যালয় সন্থা আৰু অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ সদৌ কৰ্মচাৰী সন্থাই আজি দ্বিতীয় দিনৰ বাবে শ্ৰেণীকোঠা বৰ্জন কৰিছে।

সংস্থাটোৰ ফালৰ পৰা কোৱা হৈছে, ‘ অসম আৰু বিটিএডি চৰকাৰে এই শৈক্ষিক প্ৰতিষ্ঠনসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহম নকৰাৰ বাবে আমি ব্যথিত।  আমি ইতিমধ্যে বিটচিৰ শিক্ষা বিধেয়ক-২০১৭ৰ অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডব্লিউপিটি আৰু বিচি মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু আন ৩গৰাকী বিপিএফ বিধায়কৰ সৈতে এই সন্দৰ্ভত কথা পাতিছোঁ।

এই বিধেয়কখন বিটিচিৰ বিধানসভাত সংখ্যা গৰিষ্ঠ ভোটত গৃহীত হয়। ইতিমধ্যে অসম বিধানসভায়ো অসম শিক্ষা বিধেয়ক-২০১৭ আইন হিচেপে গৃহীত হয় আৰু গেজেট নটিফিকেশ্যনত প্ৰকাশিত হয়। কিন্তু এই কিন্তু ই এতিয়াও অসম সচিবালয়ৰ মাধ্যমিক শিক্ষা বিভাগত পৰি আছে। এয়া অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই হোবাটো সম্ভবপৰ। এই সূত্ৰতেই আমি ২০ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ শ্ৰেণী বৰ্জনৰ সিদ্বান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰৰ পৰা ইতিবাচক সংহাৰি নাপালে ভবিষ্যতে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।