NORTHEAST NOW (Assamese)
অসম

নতুন উপাচাৰ্য নিযুক্তি নিদিয়া পৰ্যন্ত চলি থাকিব ধৰ্মঘট : বি এছ য়ু

Posted by: এন ই নাও নিউজ September 26, 2018 7:52 am
IMG-20180920-WA0022-1140x570

বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি প্ৰদানৰ দাবীত বড়োলেণ্ড ছাত্ৰ সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটে অচল কৰি তুলিছে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ। বি এছ য়ুৰ সভাপতি সৌগৌমছাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয়ত যেতিয়ালৈ পূৰ্বৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাক অব্যাহতি দি নতুন উপাচাৰ্য নিযুক্তি নিদিয়ে তেতিয়ালৈ এই ধৰ্মঘট চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে।

সভাপতি গৰাকীয়ে লগতে কয়, ‘উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই বিগত পাঁচবছৰীয়া কাৰ্যকালত বিশ্ববিদ্যালয়ৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ বাবে একো কৰিব নোৱাৰিলে। ইয়াৰ পিছতো ৰাজ্যপাল আৰু চৰকাৰে পুনৰাই তেওঁকেই বিশ্ববিদ্যালয়ৰ এক্টিং উপাচাৰ্য হিচাপে দায়িত্বত বাহাল ৰাখিছে। যিটো কাৰ্যক আমি কেতিয়াও মানি ল’ব নোৱাৰো’।

ইফালে বি এছ য়ুৰ ধাৰাবাহিক ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ সময়তে অসম চৰকাৰে ধৰ্মঘট তথা আন্দোলনক প্ৰাধান্য নিদি বিটিএডিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে তিনিজনীয়া উচ্চস্তৰীয় দল প্ৰেৰণ কৰিবলগীয়া কাৰ্যক নিন্দা কৰিছে বি এছ য়ুৱে।

বিশ্ববিদ্যালয়খনৰ দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিবলগীয়া দলটো অহা ২৮ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ কোকৰাঝাৰত বাহৰ পাতিব।

উল্লেখ্য যে ইতিমধ্যে ছয়দিন পাৰ হৈ যোৱা উত্তাল ধৰ্মঘটৰ মাজতে মঙলবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত নিৰঞ্জন কুমাৰ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ভাস্কৰ দাস আৰু জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং বিশ্ববিদ্যালয়ত উপস্থিত হৈ ধৰ্মঘটকাৰীৰ সৈতে এলানি আলোচনাত মিলিত হয়।

আলোচনা কালত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া কেইজনে অসম চৰকাৰৰ উচ্চস্তৰীয় দল এটা বিশ্ববিদ্যালয়লৈ তদন্তৰ বাবে আহিব বুলি অৱগত কৰে। তাৰোপৰি তদন্তকাৰী দলটোক সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।