NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া : ভীতিগ্ৰস্ত লোকৰ নিৰাপদ স্থানত আশ্ৰয়

Posted by: অভিক চক্ৰবৰ্তী September 26, 2018 6:56 pm
IMG-20180926-WA0022

ডিব্ৰুগড়ৰ পাঞ্চালী এলেকাৰ এক বিস্তীৰ্ণ এলেকাত শেহতীয়াভাৱে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই। এই এলেকাৰ ভীতিগ্ৰস্ত লোকসকলৰ কিছু সংখ্যকে ইতিমধ্যে নিৰাপদ স্থানলৈ গুছি গৈছে।

জানিব পৰা মতে উক্ত খহনীয়াত বহু কেইদাল ডাঙৰ গছ আৰু কেইটামান অস্থায়ীভাৱে সজা ঘৰ উটি গৈছে। নদীৰ পাৰত বাস কৰা বহুকেইটা পৰিয়ালে ইতিমধ্যে নিজৰ বয়বস্তু সামৰি নিৰাপদ স্থানলৈ গুছি গৈছে।

জানিব পৰা মতে ২৬ ছেপ্টেম্বৰৰ পুৱা হনীয়া আৰম্ভ হৈছে আৰু পাৰৰ প্ৰায় ৫ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰই উটুৱাই নিছে। পাঞ্চালীৰ এগৰাকী স্থানীয় বাসিন্দাই জনোৱা মতে কেইগৰাকীমান যুৱকে  নিমিত্তে গছ কাটি বগৰাই খহনীয়া ৰোধৰ চেষ্টা কৰিছে।

খহনীয়াই ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা সুৰক্ষা প্ৰদানকাৰী মথাউৰিটো প্ৰায় স্পৰ্শ কৰিছে আৰু স্থানীয় লোকৰ সহযোগত জল সম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বালি ভৰ্তি জিঅ’বেগ আৰু গছৰ ডাল পেলাই দি খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰি আছে। সন্দেহ কৰা হৈছে যে ব্ৰহ্মপুত্ৰই গতি সলনি কৰা বাবে এই খহনীয়াৰ সৃষ্টি হৈছে।

ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়ে পৰিস্থিতিৰ বুজ লৈ তাৎক্ষণিকভাৱে জল সম্পদ বিভাগক খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে।

এগৰাকী স্থানীয় বাসিন্দাই কৈছে, ‘‘খহনীয়াৰ বাবে নদী আমাৰ ঘৰৰ ওচৰলৈ আহি পাইছে। তাৎক্ষণিকভাৱে খহনীয়া ৰোধ কৰাৰ বাবে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছিলোঁ।’’

উল্লেখ্য যে কেই বছৰমান পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়ৰ কলিয়াপট্টি এলেকাৰ বিৰাট পৰিমাণৰ এলেকা উটুৱাই নিছিল।