NORTHEAST NOW (Assamese)
অসম

বুঢ়ীদিহিঙত উটি অহা গ্ৰেনেড-আবৃত দেহটো আলফা (স্বাধীন) কে’ডাৰ জান অসমৰ?

Posted by: মানস প্ৰতিম গগৈ September 27, 2018 10:21 pm
ulfa-body-750x375

তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে।

নিহত যুৱকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও সেনা সূত্ৰই তেওঁক ‘জান অসম’ বুলি দাবী কৰিছে।

মৃতদেহটো উদ্ধাৰ কৰা পেঙেৰী থানাই তদন্ত অব্যাহত ৰাখিছে।

সেনাই উদ্ধাৰ কৰা বিস্ফোৰক। ছবি- নৰ্থ ইষ্ট নাও।

নিহত যুৱকজনৰ দেহ সম্পূৰ্ণ সামৰিক পোচাক আৰু গ্ৰেনেদেৰে আবৃত হৈ আছে। সেনাৰ সৈতে মঙলবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ জাগুন আৰক্ষী চকী এলেকাৰ লেখাপানীত হোৱা সংঘৰ্ষত যুৱকজন নিহত হোৱা বুলি সন্দেহ কৰা হৈছে।

সেনা সূত্ৰই সংঘৰ্ষটোত দুজন আলফা সদস্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাথলীৰ পৰা বহু সংখ্যক বিস্ফোৰক উদ্ধাৰ কৰা বুলি দাবী কৰিছিল।

সেনা সূত্ৰই দাবী কৰা মতে লেখাপানীৰ আদৰ্শ গাঁৱত ৰূপম অসম আৰু জান অসমৰ নেতৃত্বত আলফাৰ এটা ২২ জনীয়া দলে বাহৰ পাতি থকাৰ খবৰ পাই অভিযান চলাওঁতেই দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়।

সেনা সূত্ৰই সংঘৰ্ষটোত টাইগাৰ অসম গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰিছিল।

সংঘৰ্ষৰ পিছতে অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে।