NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : এজনক ৰাইজৰ প্ৰহাৰ

Posted by: অনিৰ্বাণ পাঠক September 28, 2018 6:30 am
2017-05-29

বৃহস্পতিবাৰে নিশা মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনা এটাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। ভঙাগড়ৰ নেমকেয়াৰ হাস্পাতালৰ সন্মুখতে এই ঘটনা সংঘটিত হয়।

ঘটনা অনুসৰি শিশু অপহৰণকাৰীৰ সন্দেহত ধৰ্মেন্দ্ৰ কাকতি নামৰ এজন লোকক ৰাইজে বেয়াকৈ প্ৰহাৰ কৰে।

ৰাইজৰ অভিযোগ অনুসৰি নেমকেয়াৰ হাস্পাতালৰ সমীপৰ এটি পাঁচ বছৰীয়া শিশুক ধৰ্মেন্দ্ৰ কাকতিয়ে তেওঁৰ গাড়ীত উঠাই অপহৰণ কৰি নিব বিচাৰিছিল। পাছত তাত থকা লোকে ঘটনাটো দেখি তেওঁক কৰায়ত্ব কৰে আৰু শিশুটিক উদ্ধাৰ কৰে।

ইপিনে, এই ঘটনা সন্দৰ্ভত ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধিয়ে কয় যে লোকজন এজন গাড়ী চালক আৰু তেওঁ গাড়ীখনৰ মালিকক চিকিৎসাৰ বাবে নেমকেয়াৰ হাস্পাতাললৈ লৈ আনিছিল। মালিক চিকিৎসালয়ৰ ভিতৰলৈ যোৱাত তেওঁ গাড়ীখনত বহি আছিল। তেনেতে শিশুটি আহি তেওঁৰ গাড়ীৰ দৰ্জা খুলি ভিতৰত সোমায়। তেতিয়া শিশুটিক ধেমালি কৰি চালক ধৰ্মেন্দ্ৰই গাড়ীৰ দৰ্জাখন বন্ধ কৰি দিয়ে।

এই ঘটনা দেখি ওচৰতে থকা একাংশ লোকে হৈ চৈ লগায় আৰু ধৰ্মেন্দ্ৰই শিশুটিক অপহৰণ কৰি নিব বিচৰা বুলি তেওঁক বেয়াকৈ মাৰধৰ কৰে। পাছত আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰে।

ইপিনে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ধৰ্মেন্দ্ৰ কাকতি নামৰ লোকজনক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্ত্তি কৰায়।