NORTHEAST NOW (Assamese)
অসম

পৰস্ত্ৰীৰে সম্পৰ্কক অপৰাধ নহয় বুলি কোৱা উচ্চতম ন্যায়ালয়ক ভৰ্ৎসনা বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ

Posted by: এন ই নাও নিউজ September 28, 2018 5:53 pm
Adukltery_MrinalSaikia

পৰকীয়া প্ৰেম বা বিবাহিত লোকৰ ক্ষেত্ৰত বিবাহ বহিৰ্ভূত সম্পৰ্ক ‘অপৰাধ নহয়’ বুলি ২৭ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া গুৰুত্বপূৰ্ণ ৰায় মানি নলয় বিজেপিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে সীমা চেৰাই যোৱা বুলিও কয়।

উল্লেখযোগ্য যে ২৭ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ৰায় দি ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰাটোৰ বিলুপ্তি ঘটাইছিল।

কেৰালাৰ পৰা গৈ ইটালিত ব্যৱসায় কৰি থকা জোছেফ ছাইন নামৰ এজন ব্যক্তিৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই ৰায়টো দিছিল।

ৰায়টোত কোৱা হৈছে যে পৰকীয়া প্ৰেম বা পৰস্ত্ৰীৰ সৈতে সম্পৰ্কক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। দেশজুৰি এই ৰায়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ৰক্ষণশীল ভাৰতীয় সমাজৰ ওপৰত এই ৰায় এক প্ৰকাৰৰ হাতুৰিৰ কোবত পৰিণত হোৱা দেখা গৈছে। বিশেষকৈ হিন্দু আৰু মুচলিম সমাজৰ গোড়া অংশটোৰ মাজত ই বাৰুকৈয়ে হতাশা আৰু ক্ষোভৰ উদঘাটন কৰা দেখা গৈছে।

ৰায়টোত স্পষ্টটকৈ কোৱা হৈছে যে বিবাহ বহিৰ্ভূত সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি আৰু কৰা উচিত নহয়। দীপক মিশ্ৰৰ নেতৃত্বত থকা পীঠখনে ৰায়টোত লগতে কয় ‘পত্নী স্বামীৰ সম্পত্তি নহয়’।

এই ৰায়টোৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ উক্ত ধাৰাটোত (৪৯৭) কোৱা হৈছিল, “স্বামীজনৰ অনুমতি নোহোৱাকৈ তেওঁৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰাটোক ধৰ্ষণ বুলি ক’ব নোৱাৰি, কিন্তু ই ব্যভিচাৰিতাৰ অপৰাধ।”

উল্লেখযোগ্য যে বিধায়ক মৃণাল শইকীয়াই পোনপটীয়াকৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাই নহয়, উচ্চতম ন্যায়ালয়ে সীমা চেৰাই যোৱা বুলি কোৱাটো ন্যায়ালয়ৰ ওপৰত আক্ৰমণ তথা ন্যায়ালয় অৱমাননাৰ দৰে কথা। বিজেপিৰ বিধায়কজনে লগতে কয়, “উচ্চতম ন্যায়ালয়ৰ ৰায়টোৱে বিবাহৰ পৱিত্ৰতা নষ্ট কৰিলে।” লগতে তেওঁ নতুন প্ৰজন্মক এই ৰায়ে বিশৃংখল কৰিব বুলিও মত প্ৰকাশ কৰে।