NORTHEAST NOW (Assamese)
অসম

‘হত্যাকাৰী’ কংগ্ৰেছী বিধায়কক গ্ৰেপ্তাৰ নকৰি সুৰক্ষা দিছে বিজেপি চৰকাৰে!

Posted by: এন ই নাও নিউজ September 28, 2018 9:32 pm
east goalpara mla ak rasheed alam

২০১৩ চনতে অভিযোগনামা দাখিলৰ পিছতো গ্ৰেপ্তাৰ কৰা দূৰৰ কথা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰাপত্তাৰক্ষীৰে সু-সজ্জিত কৰি ৰাখিছে হত্যাত অভিযুক্ত পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল কালাম ৰছিদ আলমক।

বিক্ৰম জিত নাথ নামৰ ছাত্ৰজনক গোৱালপাৰা কলেজ চৌহদত দিন দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাৰ সম্পূৰ্ণ ১৮ বছৰ পিছত যুৱকজনৰ পৰিয়ালে ন্যায় বিচাৰি পোনপটীয়াকৈ প্ৰশ্ন তুলিছে গৃহ বিভাগো চম্ভালি থকা খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

‘ন্যায় পাবলৈ আমাক ইমান বছৰ কিয় লাগিছে?’ ‘ফাষ্ট ত্ৰেক’ আদালতৰ যোগেদি ন্যায় বিচাৰি শুকুৰবাৰে যুৱকজনৰ মাতৃ বাণী নাথৰ সোণোৱাল চৰকাৰক পোনপটীয়া প্ৰশ্ন।

যুৱকজনৰ পৰিয়ালে এক সংবাদমেলযোগে কয় যে কংগ্ৰেছৰ বিধায়কজনৰ লগতে আন কেইবাজনকো অভিযুক্ত কৰি হত্যাৰ ১২ বছৰ পিছত যোৱা ২০১৩ চনৰ ২৪ ছেপ্তেম্বৰত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল।

‘বিধায়ক এ’ কে’ ৰছিদ আলমৰ লগতে গোৱালপাৰাৰ লুকু দাস, প্ৰদীপ দাস, এলিজা আহমেদ, আছাবুদ্দিন আহমেদ, চ’ট’ বাবু ওৰফে ৰুবুল কৰিম আৰু আওলাদ হুছেইনক হত্যাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জৰিত বুলি আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল,’ সংবাদমেলত সদৰী কৰিলে পৰিয়ালটোৱে।

তাৰোপৰি আলফাৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা চিৰাং জিলাৰ ৰিমু নাৰ্জাৰী, বাক্সাৰ চিন্তু বৰ্মন আৰু নলবাৰীৰ ফাৰুক ওৰফে জয়ন্ত বৈশ্যকো হত্যাৰ সৈতে জৰিত থকা বুলি অভিযোগনামাত উল্লেখ আছে বুলি জনাই পৰিয়ালটোৱে।

ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা থকা বুলি মন্তব্য কৰি পৰিয়ালটোৱে ন্যায় নোপোৱাৰ বাবে চৰকাৰকে মূলতঃ জগৰীয়া কৰিছে।

‘আৰক্ষীৰ চাৰ্জশ্বীটত বিধায়ক আলমৰ নাম ৩ নম্বৰতে আছিল। তেওঁক আজিলৈকে কিয় গ্ৰেপ্তাৰ নকৰাৰ কাৰণ কৰ্তৃপক্ষইহে কেৱল জানিব। আমাৰ দেউতা অধিবক্তা আছিল। আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে,’ প্ৰয়াত অধিবক্তা কেশৱ ৰঞ্জন নাথৰ পুত্ৰ তথা নিহত বিক্ৰম জিতৰ ভাতৃ প্ৰসেন জিত আৰু ইন্দ্ৰ জিতৰ মন্তব্য।

হত্যাৰ বলি হোৱা বিক্ৰম জিত গোৱালপাৰা কলেজৰ ছাত্ৰ আছিল। কলেজ চৌহদতে দিন দুপৰতে ২০০১ চনৰ ২৮ ছেপ্তেম্বৰত তেওঁক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল।