NORTHEAST NOW (Assamese)
অসম

চামগুৰি বৰদলত বন বিভাগৰ দ্বাৰা চোৰাং কাঠভৰ্তি টাটা মোবাইল গাড়ী জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা September 28, 2018 9:40 pm
smuggled timber

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰদলত বন বিভাগে অভিযান চলাই চোৰাং কাঠসহ এখন টাটা মোবাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত নগাঁও বন সংমণ্ডলৰ ডি এফ অ’ সুভাশীষ দাসে শালনাৰ আঞ্চলিক বন বিষয়া চেলিম আহমেদক বৰদলত অভিযান চলাবলৈ নিৰ্দেশ দিয়ে।

ডি এফ অ’ৰ নিৰ্দেশ পাই ৰেঞ্জাৰ আহমেদে শালনাৰ বন কৰ্মীৰ এটা দল লগত লৈ কালি নিশা প্ৰায় এক বজাত বৰদল চাৰিআলিত অভিযান চলাই লক্ষাধিক টকাৰ মুল্যবান চোৰাং কাঠৰ কুণ্ডাভৰ্তি টাটা মোবাইল গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহন কৰি গাড়ীখনৰ চালকসহ চোৰাং কাঠ ব্যৱসায়ী কেইজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

চোৰাং মাকৈ শালৰ কুণ্ডাভৰ্তি এ এছ ০২ ই ৩৩৭৭ নম্বৰৰ টাটা মোবাইল গাড়ীখন কাৰ্বি আংলঙৰ পাৰ্কুব পাহাৰ ৰেঞ্জৰ পৰা কঠালগুৰি বৰদল পথেৰে চামগুৰি দিশত আহি আছিল বুলি শালনাৰ বন বিষয়াই জানিবলৈ দিয়ে।

চোৰাং কাঠসহ গাড়ীখন বৰ্তমান শালনা ৰেঞ্জত ৰখা হৈছে বুলি জানিব পৰা গৈছে।