NORTHEAST NOW (Assamese)
অসম

বাংলাদেশক হৰুৱাই দ্বিতীয়বাৰৰ বাবে এছিয়া কাপ হস্তগত ভাৰতৰ

Posted by: এন ই নাও নিউজ September 29, 2018 7:36 am
cricket-pic-1

সৰ্বশেষ বলটোত বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে এছিয়া কাপ হস্তগত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটো। ভাৰতীয় দলটোৰ লৱাৰ মিডল অৰ্ডাৰৰ বেটছমেনৰ সাহসী বেটিঙৰ ফলত এই চমকপ্ৰদ বিজয় সাধিত হৈছে।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত ব্যক্ত কৰা অনুসৰি বাংলাদেশী দলটোৱে ভাৰতে বান্ধি দিয়া ২২৩ ৰানৰ লক্ষ্যক প্ৰত্যাহ্বান জনাই শেখৰ ধাৱান আৰু আম্বাটি ৰায়ুডুক ইনিংছৰ আৰম্ভণিতেই আউট কৰিবলৈ সক্ষম হৈছিল।

তাৰ পাছত ৰোহিত শৰ্মাৰ উইকেটৰ পতন ঘটাবলৈ সক্ষম হয় বাংলাদেশী দলটোৰ ৰুবেল হুছেইনৰ বলত ছিক্স কোবাবলৈ গৈ কেচ দি আুট হয়। তাৰ পাছত বাংলাদেশে নিয়মীয়াকৈ উইকেটৰ পতন ঘটাবলৈ ধৰে। তাৰ পাছত ধোনী আৰু দীনেশ কাৰ্তিকৰ যুটীটোৰ সুযোগ্য বেটিঙত ভাৰতীয় দলটোৱে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে বাংলাদেশী অপেনাৰদ্বয় লিটন দাস আৰু মেহেদী হাছান মিৰাজৰ যুটীটোৱে প্ৰথম ২০টা অভাৰত ভাৰতীয় ব’লাৰৰ পৰা ১২০ ৰান সংগ্ৰহ কৰে। লিটনে ৩৩ টা বলত অৰ্ধশতক কৰে। ভাৰীয় ব’লাৰ কেদাৰ যাদৱে লিটন-মেহিদী যুটীটোৰ মেহিদীক পেভিলিয়নলৈ ওভোটাই পঠিয়ায়।

কিন্তু ইয়াৰ পাছত বাংলাদেশৰ বেটছমেনসকলে এই ক্ষতিপূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। সৌম্য সৰকাৰে লিটনৰ সৈতে যুটী বান্ধি ইনিংছ পুনৰ গঢ়ি তোলাত সহায় কৰে। সেই সময়তেই লিটনে তেওঁৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰে আৰু ৪১ অভাৰত আউট হোৱা পৰ্যন্ত তেওঁ ১২০ ৰান সংগ্ৰহ কৰে।সৰকাৰেই বাংলাদেশক ২২২ ৰানৰ সীমালৈ লৈ যায়।