NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ

Posted by: মনিমালা বৰা September 30, 2018 7:19 pm
medical camp at Chariduar

শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ অতিকৈ পিছপৰা বগীজুলি গাঁৱৰ ৪নং বগীজুলি প্ৰাথমিক বিদ্যালয়ত আজি চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থা, ৰক্তদাতা আৰু অনন্ত মেমৰিয়েল হাস্পাতালৰ যৌথ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

শিবিৰটোত চাৰিদুৱাৰৰ কেইবাখনো গাৱঁৰ পৰা অহা তিনি শতাধিক ৰাইজক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ এন এছ এছৰ ফালৰ পৰা ১০ হাজাৰো অধিক ঔষধৰ যোগান ধৰা হয়।

উল্লেখযোগ্য যে অতি দূৰ্গম বাট-পথৰ লগতে যাতায়াতৰ উপযুক্ত সা-সুবিধা নথকা এই গাওঁখনত দূৰ-দূৰণিলৈ নাই এখনো চিকিৎসালয়। যাৰ ফলত অসুখ-বিসুখ হ’লে আৰ্থিকভাৱে পিছপৰা গাওঁবাসীসকলৰ ওচৰত গাৱঁলীয়া চিকিৎসাৰ বাহিৰে আন একো বিকল্প নাথাকে।

আজি দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত ডা০ ভাস্কৰজ্যোতি কাকতি, প্ৰহ্লাদ দাস, জয়ন্ত কুমাৰ নাথ আৰু অংকুৰ জে দাসে উপস্থিত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে।

শিবিৰটোত ৰক্তদাতাৰ সম্পাদক তথা সমাজসেৱক পৱন কুমাৰ নাথৰ লগতে অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়া, শোণিতপুৰ জিলা ছাত্ৰসন্থাৰ সভাপতি অভিজিৎ নাথ, ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিৰেণ চাৰিদুৱাৰ শাখা ছাত্ৰসন্থাৰ সভাপতি ৰেৱদত্ত শৰ্মা কেইবা গৰাকী বিষয়ববীয়া উপস্থিত থাকে।