NORTHEAST NOW (Assamese)
অসম

তেজপুৰত ‘সংবাদ, সাংবাদিকতা আৰু তেজপুৰৰ সংবাদ কৰ্মীৰ ৰূপৰেখা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

Posted by: মনিমালা বৰা September 30, 2018 9:51 pm
IMG-20180930-WA0043

আজি তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জাৰ্ণেলিষ্ট যুনিয়ন আৰু তেজপুৰ প্ৰেছ ক্লাবৰ সহযোগত তেজপুৰৰ সাহিত্য সভা ভৱনত বিয়লি অনুষ্ঠিত হয়  এক গ্ৰন্থ উন্মোচনী কাৰ্যসূচী।

অসমৰ বিশিষ্ট সাংবাদিক তথা দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱাই উন্মোচন কৰে ‘‘সংবাদ, সাংবাদিকতা আৰু তেজপুৰৰ সংবাদ কৰ্মীৰ ৰূপৰেখা’’ শীৰ্ষক এখন গ্ৰন্থ।

তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক দেৱব্ৰত শৰ্মাই লিখি উলিওৱা ‘সংবাদ, সাংবাদিকতা আৰু তেজপুৰৰ সংবাদ কৰ্মীৰ ৰূপৰেখা’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সাংবাদিক হেমন্ত কুমাৰ বৰুৱাই।

উল্লেখ্য যে আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰৰ লগতে বহুতো গণ্য মান্য ব্যক্তি অতিথি ৰূপে উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৰ্ধন কৰে।