NORTHEAST NOW (Assamese)
অসম

গান্ধী জয়ন্তী উপলক্ষে হাজোত খোজকঢ়া প্ৰতিযোগিতা

Posted by: মৃদুল প্ৰীতম ডেকা October 2, 2018 3:15 pm
IMG-20181002-WA0021

আজি গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গান্ধী জয়ন্তী। তীৰ্থ নগৰী হাজোত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হল  এক ব্যতিক্ৰমী কাৰ্যসূচী।

‘শৰীৰ ভালে থাকিলে হে মন ভালে থাকিব। মন ভালে থাকিলে কৰ্মস্পৃহা বাঢ়িব। ‘এই মূল মন্ত্ৰেৰে আজি হাজোৰ পতনিত থকা পোৱামক্কাৰ মূল তোৰণৰ পৰা পোৱামক্কাৰ দৰগাহ শ্বৰীফলৈ আয়োজন কৰা হ’ল খোজকঢ়া প্ৰতিযোগিতা।

অংশগ্ৰহণকাৰী জনতাই প্ৰায় ৪ কিমি পথ খোজ কাঢ়িলে পোৱামক্কাৰ পাহাৰৰ একা-বেঁকা পথেৰে খোজ কাঢ়িলে প্ৰায় দুই শতাধিক লোকে।

হাজো ৰাজহ চক্ৰ বিষয়া কমল বৰুৱাৰ নেতৃত্বত হাজো অফিচাৰ্ছ ক্লাবে এই খোজ কঢ়া প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে। হাজোৰ চক্ৰ বিষয়া,  হাজোৰ সত্ৰ ন্যায়ধীশ, হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, হাজোৰ দ’লৈকে আদি কৰি বিভিন্ন জনে এই প্ৰতিযোগিতাত অংশ লয়।

এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে অৰিফুল ইছলামে।  দ্বিতীয় আৰু  তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰাণজিত দাস আৰু নুৰ মহম্মদ আলীয়ে। প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক ট্ৰফী আৰু মেডেলেৰে সম্বৰ্ধনা জনোৱা হয়।