NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সতীৰ্থ মিলন ‘৯৭ ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ব্যতিক্ৰমী অনুষ্ঠান

Posted by: পাৰ্শ্বজ্যোতি গগৈ October 2, 2018 7:12 pm
Sivasagar Govt. School

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকল পুনৰ মিলিত হৈ গঠন কৰা ‘সতীৰ্থ মিলন ৯৭’ নামৰ এক অনুষ্ঠানে আজি শিৱসাগৰ নগৰৰ সমীপত এক ব্যতিক্ৰমী কাৰ্য্যসূচী ৰূপায়ন কৰে।

সতীৰ্থ মিলন ৯৭ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি উক্ত অনুষ্ঠানটোৱে আজি নগৰৰ সমীপৰ গেমন দলঙৰ লাহিংগীয়া গাঁৱৰ সেৱা আশ্ৰমত থকা ১১ গৰাকী ককা আইতাৰ লগত অন্তৰংগ আলাপ কৰাৰ লগতে তেওঁলোকক কাপোৰ, ফলমূল, মিঠাই,  হৰলিক্স আদি প্ৰদান কৰাৰ লগতে দুপৰীয়া ককা আইতা সকলৰ লগত লগে-ভাগে ভাত এসাজ খাই আনন্দ ফুৰ্টি কৰি দিনটো পাৰ কৰে।

উল্লেখযোগ্য যে শিৱসাগৰত সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক উন্নতিৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহা সতীৰ্থ মিলন ‘৯৭ এ পৰ্থম বৰ্ষপুতি আজি পালন কৰা উক্ত অনুষ্ঠানৰ স্থানীয় ৰাইজে প্ৰশংসা কৰে।