NORTHEAST NOW (Assamese)
অসম

পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস, অসম চৰকাৰেও নিজাববীয়াকৈ কৰ্তন কৰিছে দাম

Posted by: এন ই নাও নিউজ October 4, 2018 5:32 pm
petrol-pump

পে’ট্ৰপণ্যৰ দৈনিক মূল্যবৃদ্ধিক লৈ দেশজুৰি বিক্ষোভৰ সন্মুখীন হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও পে’ট্ৰল আৰু ডিজেলত লিটাৰত ২.৫ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

চৰকাৰৰ এই সিদ্ধান্তৰ পিছত অসমত বৃ্হস্পতিবাৰে পে’ট্ৰল আৰু ডিজেলৰ মূল্য হ’লগৈ লিটাৰত ক্ৰমে ৮১.৫০ টকা আৰু ৭৩.৯১ টকা।

ইতিমধ্যে টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ‘সাধাৰণ মানুহৰ বোজা’ লাঘৱ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি টুইটাৰযোগে সদৰী কৰিছে।

নতুন দিল্লীত বৃ্হস্পতিবাৰে ভাৰতৰ বিত্ত মন্ত্ৰী অৰুন জে’টলিয়ে এই মূল্য হ্ৰাসৰ কথা ঘোষণা কৰাৰ পিছতে অসম চৰকাৰেও পে’ট্ৰ পণ্যৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত লৈছে।

কিন্তু বৰ্তমান পে’ট্ৰল-ডিজেলৰ মূল্য প্ৰতিদিনে নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তই ৰাইজক সকাহ দিব পাৰিবনে?

দ্বিতীয়তে নতুনকৈ নিৰ্ধাৰণ কৰা মূল্যতো পে’ট্ৰলৰ মূল্য ৮০ টকাৰ ওপৰতে আছে।