NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীৰ ‘সু-শাসন’ৰ নীতি মানি চলা নাই অসমৰ বিজেপি চৰকাৰে

Posted by: এন ই নাও নিউজ October 4, 2018 10:36 pm
Rajib-Prakash-Baruah-1140x570

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা আৰু দায়বদ্ধতা ‘সু-শাসন’ৰ পূৰ্ব চৰ্তৰূপে দাবী কৰি অহাৰ সময়ত তেওঁৰ সেই শ্ৰুতলিপি সামগ্ৰিকভাৱে মানি চলা নাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰে।

অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃ্হস্পতিবাৰে দাবী কৰে যে ৰাজ্যৰ চৰকাৰ পৰিচালনাত বিভাগীয় নিৰ্দেশনা নিশ্চিতভাৱে মানি চলা নাই অসমৰ বিজেপি চৰকাৰে।

কংগ্ৰেছ নেতাজনে কয় যে দিচপুৰৰ ক্ষমতাৰ কৰিদৰৰ প্ৰভাৱশালী ব্যক্তিৰ ‘ঘনিষ্ঠ’ একাংশ আমোলাৰ কাৰ্য্যকাল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে।

তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিক লৈ ২৮ ছেপ্তেম্বৰত এক জাননী (No. IPRD.62/2018/1)  জাৰি কৰিছিল বিভাগটোৱে।

“ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনিৰ্ণীত অনুমোদন আৰু ৰাজহুৱা সেৱাৰ স্বাৰ্থত, শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱাক…, ইয়াৰ দ্বাৰা ০১/১০/২০১৮ৰ পৰা এবছৰলৈ কাৰ্য্যকৰী হোৱাকৈ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পদমৰ্য্যাদাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে চুক্তিভিত্তিত নিযুক্তি দিয়া হৈছে,” জাননীত উল্লেখ।

এই প্ৰসংগত প্ৰতিক্ৰিয়া কৰি দেৱব্ৰত শইকীয়াই কয় বিজেপি শাসনলৈ আহিছিল অসমৰ ২৫ লাখ শিক্ষিত নিবনুৱাক ৫ বছৰৰ ভিতৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে। “বিভিন্ন বিভাগত বৃ্হৎসংখ্যক পদ খালী হৈ আছে। কিন্তু কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈ বা কেবিনেট অনুমতি নোহোৱাকৈ বহু বিষয়া তেওঁলোকৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছতো বিশেষ কৰ্তব্যৰত বিষয়া বা উপদেষ্টাৰূপে নিযুক্ত হৈছে। ই ৰাজ্যখনৰ অৰ্থনীতিত বোজা হৈ পৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে শইকীয়াই।

অসম প্ৰশাসনিক সেৱাৰ বিষয়া বৰুৱাই কাৰ্য্যকাল শেষ হোৱাত ৩০ ছেপ্তেম্বৰত অৱসৰ লৈছিল। অতিৰিক্ত সচিব হোৱাৰ উপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰূপেও দায়িত্বত আছিল।

লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

কিন্তু ১ অক্তোবৰৰ দিনৰ ১০ বজাত বৰুৱাই বিভাগটোৰ বিশেষ বিষয়াৰূপে কৰ্তব্যত যোগ দিছে। যোৱা ১৮ জুলাইত জাৰি কৰা OM No.AAP.98/2017/30 অনুসৰি চুক্তিভিত্তিক এই সময়চোৱাত তেওঁৰ দৰমহা আৰু আন সুবিধা নিৰ্ধাৰিত হ’ব। জাননী আৰু কৰ্মত যোগ দিয়াৰ প্ৰতিবেদন দুয়োটাই অসমৰ মুখ্য গাণনিক {Accountant General (A&E)} লৈ প্ৰেৰণ কৰা হৈছে বুলি চিহ্নিত কৰা হৈছে।

দেৱব্ৰত শইকীয়াই কয় যে যদি চৰকাৰে অৱসৰপ্ৰাপ্ত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াতো অব্যাহত ৰাখে তেন্তে ই এক কেবিনেট সিদ্ধান্তৰ যোগেদি কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব লাগে।

‘‘চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেৱল বাধাৰহে সৃষ্টি কৰিছে,” শইকীয়াৰ মন্তব্য।