NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰত মণ্ডলৰ সন্মিলন

Posted by: এন ই নাও নিউজ October 7, 2018 10:35 am

অসম বিধানসভাৰ উদ্যোগত গুৱাহাটীত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কমনৱেলথ সংসদীয় সংস্থা (চি পি এ)ৰ ভাৰত মণ্ডল ৩ৰ সপ্তদশ সন্মিলন অনুষ্ঠিত হ’ব।

এই উপলক্ষে লোকসভাৰ অধ্যক্ষা তথা কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰতৰ অধ্যক্ষা সুমিত্ৰা মহাজনে সোমবাৰে অৰ্থাৎ ৮ অক্টোবৰত এই সন্মিলন উদ্বোধন কৰিব। লগতে সুমিত্ৰাই লোকসভাৰ অধ্যক্ষৰ বিশেষ উদ্যোগৰ উত্তৰ-পূব শাখাটোও মুকলি কৰিব।

খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত পুৱা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, সাংসদ আৰু বিধায়ক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লোকসভাৰ সচিব প্ৰধান স্নেহলতা শ্ৰীবাস্তৱ আদিকে ধৰি কেইবাজনো গণ্যমান্য লোকে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এক বিবৃতি যোগে জানিব পৰা মতে অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন আৰু সন্মানীয় অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।

৮ অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানটোত ‘উত্তৰ-পূৰ্বাঞ্চলত মহিলাৰ সবলীকৰণ’ আৰু ‘উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী সমস্যাৰ সমাধানৰ যৌথ উদ্যোগ’ শীৰ্ষক দুখন আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব।

একেদৰে ৯ অক্টোবৰত ‘উত্তৰ-পূৰ্বাঞ্চলত জৈৱ কৃষিকৰ্মৰ বহনক্ষম বিকাশৰ কাৰণে দক্ষতা বৃদ্ধি’  আৰু ‘উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে যোগাযোগ’ বিষয়ক দুখন আলোচনা বৈঠক অনুষ্ঠিত হ’ব।