NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰোডত ৰাজেশ জালানৰ ঘনিষ্ঠ মোজাম্মিলৰ ভাতৃৰ ঘৰত ই ডিৰ তালাচী

Posted by: এন ই নাও নিউজ October 7, 2018 10:44 am
Rafikul

সুৰা মাফিয়া ৰাজেশ জালানক গ্ৰেপ্তাৰ কৰাৰ পিছত শনিবাৰে জালানৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা তথা জিলা পৰিষদৰ প্ৰাক্তন সদস্য মোজাম্মিল হকৰ ভাতৃ ৰফিকুল হকৰ বৰপেটাৰোডৰ খৈৰাবাৰীস্থিত বাসগৃহত এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেটে ( ই ডি) অভিযান চলায়।

ই ডিৰ এটা দহজনীয়া দলে শনিবাৰে দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈকে চলোৱা এই অভিযানৰ সময়ত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে।

অভিযানত দলটোৱে বহুকেইটা বেংকৰ পাচবুক, এ টি এম, জালানৰ সৈতে থকা বহুকেইখন চুক্তি পত্ৰৰ উপৰি পত্নী তথা পৰিয়ালৰ নামত থকা পাচবুক জব্দ কৰে। তদুপৰি, ই ডিয়ে বৰপেটাৰোডৰ কলহভাঙাত থকা ৰফিকুল হকৰ বণ্ডেড ৱেৰহাউছটোও ছীল কৰে।

জানিব পৰা মতে কংগ্ৰেছৰ আমোলত গুৱাহাটীকে ধৰি বৰপেটাৰোডত বিভিন্ন অসৎ উপায়েৰে বিশাল সম্পত্তিৰ অধিকাৰী হোৱা মোজাম্মিলে সুৰা মাপিয়া ৰাজেশ জালানৰ সৈতে যৌথভাৱে নিউ আছাম বণ্ডেড ৱেৰহাউছ আৰম্ভ কৰে।

ৱেৰহাউছটোৰ জৰিয়তে জালানৰ সৈতে লগ লাগি মোজাম্মিলে কৰ ফাকিৰ ষড়যন্ত্ৰত লিপ্ত হয়। মোজাম্মিলে আন বহু সম্পত্তিৰ লগতে এই ৱেৰহাউছটোও ভাতৃ ৰফিকুলৰ নামত চলাই আছিল।

উল্লেখযোগ্য যে ২০১৬’ত কেইবা কোটি টকাৰ কৰ ফাকিৰ অভিযোগত অৰ্থনেতিক অপৰাধ অনুসন্ধান শাখায়ো ৱেৰহাউছটো ছীল কৰিছিল।

আনহাতে, শনিবাৰে ই ডিৰ অভিযানকাৰী দলটোৱে ৰফিকুলৰ গেছ এজেন্সীত অভিযান চলোৱাৰ পিছত তেওঁৰ বাসগৃহত অভিযান চলায়। অভিযানকাৰী দলৰ বিষয়াই ৰফিকুলৰ সৈতে বণ্ডেড ৱেৰহাউছ কেলেংকাৰীত অভিযুক্ত বন্তি গগৈ পেগুৰ সৈতে থকা সম্পৰ্কৰ কথা সদৰী কৰে।