NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ October 7, 2018 3:48 pm
20181007_150344

আজি শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উগ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰে ড০ প্ৰকাশ কটকী, ড০ সৌমাৰজ্যোতি মহন্ত, ডাঃ বিমান গগৈ, শৰৎ হাজৰিকা, মনোজ বৰঠাকুৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।

অহা ৩ নবেম্বৰৰ পৰা ১৩ নবেম্বৰলৈ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হ’ব পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ। উক্ত গ্ৰন্থ উৎসৱ খন উদ্বোধন কৰিব প্ৰসিদ্ধ কথা সাহিত্যিক তথা অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে।

এঘাৰ দিনিয়াকৈ  অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থ মেলাত অসমৰ লগতে দেশৰ  বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে  যোগদান নিশ্চিত কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

উল্লেখ্য যে, গ্ৰন্থ উৎসৱ উপলক্ষে প্ৰতিদিনেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক,  চিত্ৰাংকণ, সাধু কোৱা, প্ৰচীৰ পত্ৰিকা লেখন, বক্তৃতানুষ্ঠান,  বিজ্ঞান প্ৰকল্পৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে লেখক, পাঠকৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান  অনুষ্ঠিত হ’ব। পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ সফল কৰি তুলিবলৈ গ্ৰন্থনুৰাগী ৰাইজক উদ্যোক্তাসকলে আহ্বান জনাইছে।