NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

Posted by: এন ই নাও নিউজ October 8, 2018 11:53 am
Gunotsav

সোমবাৰৰ পৰা ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত ১৬ জিলাক সামৰি লোৱা হৈছে আৰু ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিব এই গুণোৎসৱ।

ৰাজ্যখনৰ নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবে এই গুণোৎসৱৰ ফলাফল এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা এই গুণোৎসৱৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰী, মন্ত্ৰীসভাৰ সদস্যসকল, বিধায়কসকল, মুখ্য সচিৱকে ধৰি ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকল, বন সেৱাৰ বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াৰ লগতে ৰাজ্যখনৰ ৰাজপত্ৰিত বিষয়াসকলে বিদ্যালয়সমূহলৈ গৈ শিক্ষাৰ্থীসকলৰ লগতে বিদ্যালয়ৰ বিদ্যায়তনিক মানৰ মূল্যায়ন কৰিব।

উক্ত মূল্যায়নৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিখন বিদ্যালয়ৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব। এতিয়া এই প্ৰতিবেদনৰ পিছতে ৰাজ্যখনৰ প্ৰথমিক শিক্ষাৰ মান সম্পৰ্কে প্ৰকৃত তথ্য উন্মোচিত হ’ব।

ৰাজ্যখনৰ গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়সমূহত দেওবাৰে শিক্ষকসকলে বিদ্যালয়সমূহত চাফাই কামৰ লগতে বিভিন্ন প্ৰস্তুতিৰ বাবে ব্যস্ত হৈ পৰা দেখা যায়।

যোৱাবাৰ বি গ্ৰেড পোৱা বিদ্যালয়সমূহে এইবাৰ এ গ্ৰেড লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক আগবঢ়াই নিয়াত গুমোৎসৱে বিশেষ ভূমিকা পালন কৰিব পাৰে।

গুণোৎসৱ আৰম্ভ হোৱাৰ পিছৰে পৰা শিক্ষকসকল শ্ৰেণীকোঠাত বহু নিয়মীয়া হৈ পৰিছে বুলিও সদৰী কৰিছে একাংশ অভিভাৱকে।