NORTHEAST NOW (Assamese)
অসম

ভাৰতীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা, বিদেশীক লৈ অসমৰ দুশ্চিন্তাৰ বিপৰীতে কঠোৰ ভুটান

Posted by: এন ই নাও নিউজ October 10, 2018 6:28 pm
Bhutan_gate_in_Phuentsoling_0

বিদেশীক লৈ অসমবাসীৰ দীৰ্ঘদিনীয়া উদ্বিগ্নতাৰ বিপৰীতে আন বিদেশী বাদেই শক্তিশালী চুবুৰীয়া ভাৰতৰ পৰা প্ৰৱেশ কৰা লোকৰ ক্ষেত্ৰতো কঠোৰতা অৱলম্বন কৰিছে ভুটানে।

নিৰ্বাচনমুখী ভুটানত প্ৰৱেশ কৰিবলৈ হ’লে প্ৰত্যেক ভাৰতীয়ই অহা ১ জানুৱাৰিৰ পৰা দাখিল কৰিব লাগিব ভোটাৰ কাৰ্ড আৰু পাৰপত্ৰ।

অসমৰ বিশেষকৈ ভুটানৰ সীমামূৰীয়া জিলাকেইখনৰ লোকসকলৰ হিমালয়ী দেশখনৰ সৈতে অতীজৰে পৰা থকা অনায়াস আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰি ভাৰতীয়সকলৰ ক্ষেত্ৰত শেহতীয়াকৈ জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা।

ভুটানৰ ফুৱেনচলিঙত থকা ভাৰতীয় কনচুলে’ট জেনেৰেলৰ কাৰ্য্যালয়ে ইতিমধ্যে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে।

“অহা ১ জানুৱাৰিৰ পৰা নাগৰিকত্বৰ প্ৰমাণৰ বাবে প্ৰতি ভাৰতীয়ই হয় ভোটাৰ কাৰ্ড নহয়, পাৰপত্ৰ লৈ যাব লাগিব। আমি পৰিচয় পত্ৰ দিয়া বন্ধ কৰিছো। তেওঁলোকে ভুটানৰ ইমিগ্ৰে’চন কাৰ্য্যালয়লৈ গৈ প্ৰৱেশৰ অনুমতি উলিয়াব পাৰিব,” ভাৰতীয় কনচুলে’ত জেনেৰেলৰ জাননী জাৰিকাৰী বিষয়া ৰাহুল য়াদৱৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন কৰিছে দ টেলিগ্ৰাফে।

ভুটানস্থিত ভাৰতীয় কনচুলে’ট জেনেৰেলৰ এই জাননী যোৱা ৫ অক্তোবৰত প্ৰকাশ পাইছিল।

বৰ্তমান ভুটানত প্ৰৱেশৰ ক্ষেত্ৰত ভাৰতীয় লোকৰ ড্ৰাইভিং লাইচেন্স, আধাৰ আৰু ৰে’চন কাৰ্ডো পৰিচয়ৰ প্ৰমাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল।

পৰ্য্যটনৰ পৰা যথেষ্ঠ আয় কৰা সত্বেও ভুটানৰ পৰ্য্যটন নীতিত বিদেশী পৰ্য্যটকৰ সংখ্যাক লৈ সচেতনতা অৱলম্বন কৰা হয়।