NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপৰ সফল সামৰণি: বিভিন্ন ঠাইৰ মুঠ ৪০০ খেলুৱৈৰ অংশগ্ৰহণ 

Posted by: ৰিনয় বসুমতাৰী December 30, 2017 10:35 am

বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰত চলিত মাহৰ ২৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়োলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নস্বিপ-২০১৭ প্ৰতিযোগিতাখনৰ শুকুৰবাৰে সন্ধিয়া অন্ত পৰে। কোকৰাঝাৰ চহৰৰ চিকনাঝাৰ টাইকোৱাণ্ডো জিমনাচিম চৌহদত অনুষ্ঠিত প্ৰতিযোগিতাত বি টি চিৰ চাৰিখন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰীৰ উপৰি বঙাইগাঁৱ, বৰপেটা, ৰাভা হাছং, কামৰূপ মেট্ৰ, নলবাৰী, তুৰা, শোণিতপুৰ, ডিব্ৰুগড়, দাৰ্জিলিং তথা বিভিন্ন ঠাইৰ মুঠ ১৭ খন জিলাৰ পৰা অহা ৪০০ কৈও অধিক টাইকোৱাণ্ডো খেলুৱৈয়ে অংশগ্ৰহণ কৰা  বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।

প্ৰতিযোগিতাখনৰ অন্তিম দিনা উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ কয় যে খেলুৱৈ সকলৰ নিজৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে প্ৰত্যেক বছৰে এই টাইকোৱাণ্ডো চেম্পিয়নস্বিপখন বড়োলেণ্ডত আয়োজন কৰি অহা হৈছে। অনাগত দিনত এই প্ৰতিযোগিতাখনৰ পৰাই অসমৰ টাইকোৱাণ্ডো খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিক খেলিব বুলিও সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে। আনহাতে উক্ত প্ৰতিযোগিতাখন শৃংখলাবদ্ধতাৰে অন্ত পৰা বুলি আমাক জানিবলৈ দিয়ে বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ নেতৃবৰ্গই ।