NORTHEAST NOW (Assamese)
অসম

বৰলাংফাৰত ৰে’লৰপৰা গঁতিয়াই হত্যা কৰিলে শংকু ৰাইজুং নামৰ এজন যুৱকক

Posted by: নংগী টেৰণ October 12, 2018 12:29 pm
Uma-Paswan-1140x570

বৃহস্পতিবাৰে নামনিমুৱা মৰিয়নি এক্সপ্ৰেছৰ পৰা লামডিং পাবলৈ এটা ষ্টেশ্যন বাকী থকা অৱস্থাত বৰলাংফাৰত দুৰ্বৃত্তই এজন যুৱকক গঁতিয়াই পেলাই দিয়ে। নিহত যুৱকজনৰ নামৰ শংকু ৰাইজুং বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি বৰলাংফাৰৰ উমা পাছোৱান নামৰ লোকজনে শংকু ৰাইজুঙক চলন্ত ৰে’লৰপৰা গঁতিয়াই পেলাই দিয়াৰ ফলতে ৰে’লৰ চেপাত মৃত্যু ঘটে কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ যুৱক শংকুৰ। যুৱকজনে ধনশিৰিৰ পৰা ডিমাপুৰলৈ পূজাৰ বজাৰ কৰিবলৈ গৈ আছিল।

প্ৰত্যক্ষদৰ্শী ৰে’ল যাত্ৰীয়ে দিয়া ভাষ্য অনুসৰি ৰে’লখন লামডিঙৰ আগৰ ষ্টেশ্যনত ৰখাৰ সময়ত হুৰমুৰকৈ বহু মানুহ সোমাই আহে। এই লোকসকলৰ মাজতে আছিল বৰলাংফাৰৰ সুৰা ব্যৱসায়ী উমা পাছোৱান নামৰ লোকজন। পাছোৱানে ৰে’লত উঠাৰ সময়ত এগৰাকী জ্যেষ্ঠ লোকক ঠেলি সোমাই অহাত শংকু ৰাইজুঙে কিয় এজন জ্যেষ্ঠ লোকক গঁতিয়াই ৰে’লত সোমাইছে বুলি প্ৰশ্ন কৰি প্ৰতিবাদ কৰিছিল।

শংকু ৰাইজুঙৰ কথাত ক্ষুণ্ণ হৈ পৰে উমা পাছোৱান আৰু ৰে’লখন চলাৰ পিছতেই উমা পাছোৱানে দুৱাৰৰ ওচৰত থিয় হৈ থকা শংকু ৰাইজুঙক ৰে’লৰপৰা গঁতিয়াই পেলাই দিয়ে। বৰলাংফাৰ ৰে’লৰ দলঙৰ ওপৰতে ঘটনাটো সংঘটিত হয়।

আনহাতে, এই ঘটনাৰ পিছতে যাত্ৰীসকলে উমা পাছোৱানক উত্তম মধ্যম সোধাই লামডিং ৰে’ল আৰক্ষীক গতাই দিয়ে। বিয়লি শংকু ৰাইজুঙৰ মৃতদেহ লামডিং ৰে’ল ষ্টেশ্যনলৈ অনা হয়। ইতিমধ্যে লামডিং ৰে’ল আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।