NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত হাতী-মানুহৰ সংঘাত অব্যাহত : এসপ্তাহত হাতীৰ গচকত নিহত ২ দুজন

Posted by: ছাজিদ খান Updated by: ছাজিদ খান October 12, 2018 5:23 pm
download

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত অৱস্থিত গাওঁসমূহত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। শেহতীয়াভাৱে হাতীৰ আক্ৰমণত এসপ্তাহতে দুজন মানুহৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে ১১ অক্টোবৰৰ নিশা পানেৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ছাগলিঝাৰ (নতুনবস্তি) এলেকাত উত্তম ৰাভা নামৰ লোকজনক হাতীয়ে গচকি হত্যা কৰিছে।

৩-৪ টা হাতীৰ এই বনৰীয়া উদণ্ড হাতীৰ জাকটোৱে চুবুৰীয়া গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে নিহত উত্তম ৰাভা আৰু তেওঁৰ বন্ধু এগৰাকীয়ে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ যায়। তাৰ পাছত হাতীৰ জাকটোৱে উত্তম ৰাভাক আক্ৰমণ কৰি গছকি হত্যা কৰে আৰু তেওঁৰ বন্ধুজন কথমপি পলাই সাৰিবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে এটা হাতীৰ জাকে অক্টোবৰৰ ৭ তাৰিখৰ নিশা এগৰাকী ১৬ বছৰীয়া কিশোৰী ৰূপালী টপ্পোক গছকি হত্যা কৰিছিল। কিশোৰীজনী ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বাদলিপাৰা টিইৰ বাসিন্দা বৰণবাস টপ্পো আৰু জেছিন্তা টপ্পৰ জীয়েক আছিল।

ওদালগুৰিৰ বন্যপ্ৰাণী কৰ্মী নবজ্যোতি বৰুৱাই কৈছে যে চৰকাৰে টোপনিৰ পৰা উঠি হাতী-মানুহৰ সংঘাতৰ অৱসান ঘটাবলৈ কিবা এটা কৰিব লাগে।
তেওঁ আৰু কয় যে বন বিভাগে ইয়াৰ মাণ্ডলিক কাৰ্যালয়সমূহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিব লাগে হাতী-মানুহৰ সংঘাতৰ অৱসান ঘটাবলৈ প্ৰতিটো মণ্ডলতে স্বেচ্ছাসেৱী মনোভাৱৰ স্থানীয় যুৱকেৰে গঠিত আক্ৰমণ-বিৰোধী বাহিনী মোতায়েন কৰিব লাগে।
তেওঁ আৰু কয় যে কৰ্ণাটকৰ প্ৰকৃতি সংৰক্ষণ ফাউণ্ডেশ্যনৰ এম ডি মধুসুধনে কৰাৰ দৰে কৃষিভূমিৰ এলেকাসমূহক হাতীৰ পৰা ৰক্ষা কৰিবলৈ বৈদ্যুতিক তাঁৰৰ বেৰ দিয়াৰো পোষকতা কৰে।

তেওঁ আৰু কয় যে কৰ্ণাটকত এই পৰীক্ষাসমূহ যথেষ্ট কৃতকাৰ্য হৈছে। অসমত ইয়াক প্ৰয়োগ কৰিলে হাতী মানুহৰ বহু পৰিমাণে সংঘাত লাঘৱ হ’ব।