NORTHEAST NOW (Assamese)
অসম

পেঞ্চন নোপোৱাত হাহাকাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ

Posted by: এন ই নাও নিউজ October 13, 2018 7:11 am
04_big

ৰাজ্যৰ বিজেপি চৰকাৰে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সমূহৰ পেঞ্চন খৰতকীয়া আৰু নিয়মীয়া কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহু অৰ্ধ চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পিচত পেঞ্চন নাপাই চকুলো টুকিবলগীয়া হৈছে।

তেনে এক ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক পৰিবহন নিগম। এই নিগমৰ পৰা সুদীৰ্ঘ জীৱন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা এচাম বিষয়া কৰ্মচাৰীৰ এতিয়া দুখে কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে।

পৰিবহন নিগমত সহকাৰী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৭ চনৰ মাৰ্চত অৱসৰ গ্ৰহণ কৰা ৰাজীৱ বৰকটকী নামৰ লোকজন অদ্যপি পেঞ্চনৰ এটকাও নোপোৱাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে পৰিয়ালটোত।

বৰকটকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাশায়ী অৱস্থাত আছে। তেওঁক চিকিৎসাৰ বাবে প্ৰয়োজন বহু পৰিমানৰ টকা। অৱসৰ গ্ৰহণ কৰাৰ পিচৰে পৰা পৰিয়াল চলাবলৈ তেওঁৰ নাই মাহেকীয়া উপাৰ্জন।

আনহাতে, অৱসৰৰ পিচত পাবলগীয়া চি পি এফ, জি পি এফ আদি বিভিন্ন শিতানত প্ৰাপ্য এটকাও পৰিবহন নিগমে এই পৰ্যন্ত দিয়া নাই। আনকি অৱসৰৰ পিচত তেওঁ আৰু তেওঁৰ পত্নীক সহায় কৰিবলৈ নাই কোনো সতি-সন্ততি।

ইপিনে দুৰ্ভগীয়া বৰকটকী দম্পতিয়ে অৱসৰকালীন প্ৰাপ্য ধন আদায়ৰ বাবে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত কেইমাহমান পূৰ্বে আবেদন কৰিছিল যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সঁ‌হাৰি লাভ কৰা নাই।

মানবীয়তাৰ খাতিৰত শীঘ্ৰে অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ পেঞ্চনৰ ধন আদায় দিবলৈ সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে।