NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত বিস্ফোৰণ : কেইবাজনো লোক আহত

Posted by: এন ই নাও নিউজ October 13, 2018 12:52 pm
c2d194c1-6c09-446c-a1bc-23a8c5e92a3a

আজি দুপৰীয়া প্ৰায় ১২ মান বজাত মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সন্মুখত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা। এক প্ৰচণ্ড বিস্ফোৰণ শব্দত কপি উঠাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। বিস্ফোৰণত চিটী বাছৰ যাত্রীও আহত হৈছে।

বিস্ফোৰণৰ ফলত মহিলাসহ আহত চাৰিজন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে। বিস্ফোৰণত আহত দুজন লোকক এম এম চি এইচ ভৰ্তি কৰা হৈছে।

পূজাৰ প্ৰাক্ ক্ষণত মহানগৰীত সংঘটিত এয়া কেনেধৰণৰ কূটাঘাতৰ ঘটনা সেয়া এতিয়াও পৰিস্কাৰ হোৱা নাই যদিও আৰক্ষী অনুসন্ধানত নামি পৰিছে। প্ৰাৰম্ভিকভাৱে আৰক্ষী উপ আয়ুক্ত ৰঞ্জন ভূঞাই  জানিবলৈ দিয়া মতে এয়া বোমা হয়নে আন কোনো বিস্ফোৰক সেয়া বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে ক’ব পাৰিব।

বিস্ফোৰণত আহত লোক কেইজন হৈছে শংকু কুমাৰ দাস, বিনীতা দাস, কল্পজ্যোতি তালুকদাৰ আৰু তাইফুদ্দিন আহমেদ।

শেহতীয়াভাৱে শুক্ৰেশ্বৰ ঘাটত সংঘটিত বোমা বিস্ফোণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই বিস্ফোৰণ ঘটোৱা বুলি প্ৰকাশ কৰিছে সংগঠনটোৱে।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক ফোনযোগে এই কথা জনাইছে। মুখ্য সেনাধ্যক্ষগৰাকীয়ে আলফা স্বাধীনৰ এই সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও ব্যক্ত কৰে।

তেওঁ লগতে বিস্ফোৰণৰ ফলত আহত হোৱা থলগিৰি লোকৰ প্ৰতি দুখ প্ৰকাশ কৰি তেওঁলোকৰ আশু-আৰোগ্য কামনা কৰিছে।