NORTHEAST NOW (Assamese)
অসম

কটনৰ শতবৰ্ষ গৰকা ছাত্ৰাবাসবিলাকক ইচ্ছা কৰিয়ে এৰি দিয়া হৈছে নেকি জহিখহি যাবলৈ?

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 13, 2018 8:04 pm
Cotton Hostels

জহিখহি যাবলৈ ধৰিছে এশ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত কটন কলেজ (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়)ৰ ছাত্ৰাবাসসমূহ। হাবি-জংঘলে আৱৰি ধৰিছে অসমৰ জাতীয়, ৰাজনৈতিক, সামাজিক জীৱনৰ অলেখ স্মৃতি বিজড়িত এই ছাত্ৰাবাসসমূহ। চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই সময়ৰ সোঁতত এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে ইতিহাস সজীৱ কৰি ৰখা এই ছাত্ৰাবাসসমূহ।

এই ছাত্ৰাবাসসমূহৰ মাজৰে চহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস আৰু আনন্দৰাম বৰুৱা ছাত্ৰাবাসৰ বৰ্তমানৰ অৱস্থা অতিকৈ শোচনীয়। কেইবাবছৰ ধৰি এই ছাত্ৰাবাস দুটাৰ কিছু অংশতহে আবাসী থাকিবলৈ দিয়াৰ বিপৰীতে যোৱা ফেব্ৰুৱাৰি মাহৰ পৰা দুয়োটা ছাত্ৰাবাসত নাই কোনো আবাসী। এই দুটা ছাত্ৰাবাসৰ আবাসীসকলক মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসলৈ স্থানান্তৰিত কৰা হৈছে। ইপিনে দুয়োটা ছাত্ৰাবাসৰ চৌহদ জংঘলে আবৰি ধৰিছে। খহি পৰিব ধৰিছে তাহানিৰ ইকৰাৰে নিৰ্মিত বেৰবোৰ।

একেদৰে, এইবছৰৰ পৰা কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুন আবাসীক ভৰ্তি কৰোৱা নাই চহিদ মোজাম্মিল হক ছাত্ৰাবাসত। বৰ্তমান থকা আবাসী ছাত্ৰসকলে কটনৰ শিক্ষা শেষ কৰি এই ছাত্ৰাবাসৰ পৰা গুচি গ’লেই হয়তো বন্ধ কৰি দিব এই ছাত্ৰাবাসটোও।

হয়তো আৰু কেইবছৰমানৰ পাছত এসময়ত এই ছাত্ৰাবাসত থাকি যোৱা প্ৰাক্তন ছাত্ৰসকলে হয়তো কটনলৈ আহি কলেজীয়া জীৱনৰ সোণালী দিনবোৰৰ স্মৃতি বিচাৰি নাপাব।

ইপিনে ছাত্ৰাবাসৰ এই দুখলগা অৱস্থাৰ প্ৰতি গুৰুত্ব নাই কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ। আনকি এই ছাত্ৰাবাসসমূহ কি কৰা হ’ব তাৰো স্পষ্ট উত্তৰ নাই কৰ্তৃপক্ষৰ হাতত।

ছাত্ৰাবাসসমূহৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি ব্যৱস্থা লৈছে -এই কথাটো জানিবলৈ কটন কলেজৰ সুদীপ গগৈ নামৰ এজন প্ৰাক্তন ছাত্ৰই কৰা আৰ টি আইৰ উত্তৰত কৰ্তৃপক্ষৰ ওচৰত যে সুস্পষ্ট পৰিকল্পনা নাই এই কথাটো প্ৰকাশ পাইছে।

গগৈয়ে কৃষ্ণকান্ত সন্দিকৈ স্নাতকোত্তৰ ছাত্ৰাবাস, চহিদ মোজাম্মিল হক ছাত্ৰাবাস, চহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস আৰু আনন্দৰাম বৰুৱা ছাত্ৰাবাস সন্দৰ্ভত কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল।

তাৰ ভিতৰত এই ছাত্ৰাবাসকেইটা ভাঙি পেলোৱা হ’ব নে মেৰমতি কৰিব এই কথা তেওঁ জানিবলৈ বিচাৰিছিল।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ উত্তৰত এই কথা স্থিৰ হোৱা নাই বুলি জানিবলৈ দিয়ে। কিন্তু এশ বছৰ পাৰ হৈ যোৱা আৰু ঐতিহাসিক গুৰুত্ব থকা এই ছাত্ৰাবাসকেইটাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব সেই কথা স্থিৰ কৰিব নোৱাৰাটো আশ্চৰ্যৰ কথা।

ইয়াৰ উপৰি এই ছাত্ৰাবাসকেইটাৰ স্থানত নতুন গৃহ নিৰ্মাণ কৰা হ’ব নেকি তাৰো উত্তৰ নাই কৰ্তৃপক্ষৰ হাতত।

২০১৩ চনত চহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। এটা ঐতিহ্য বিজড়িত গাঁথনি যিহেতু ভাঙি পেলোৱা বা ভাঙি পুনৰ নিৰ্মাণ কৰাটো আইনসংগত নহয় গতিকে এই ছাত্ৰাবাসকেইটা সংৰক্ষণৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু তাকে নকৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত সম্পূৰ্ণ অবহেলা কৰি থকা পৰিলক্ষিত হৈছে।

মূলতঃ চহিদ ৰঞ্জিত বৰপূজাৰী আৰু আনন্দৰাম বৰুৱা ছাত্ৰাবাস দুটাত এতিয়া কোনো ছাত্ৰ নথকাত ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ গৈ আছে এই ছাত্ৰাবাস দুটা।

প্ৰশ্ন হয়,- চৰকাৰ তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ছাত্ৰাবাসকেইটা নিজে নাভাঙি জহিখহি নিঃশেষ হ’বলৈ এৰি দিছে নেকি?

আনহাতে, কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰাবাসৰ অধীক্ষকৰ আবাস ইতিমধ্যে ভাঙি পেলোৱাৰ বিপৰীতে আনন্দৰাম বৰুৱা ছাত্ৰাবাসৰ অধীক্ষকৰ আবাসৰ এটা অংশ ভাঙি আনটো অংশ এটা ব্যক্তিগত প্ৰতিষ্ঠানক ৰেষ্টোৰা খুলিবৰ বাবে কৰ্তৃপক্ষই ভাৰালৈ দিছে।

বৰ্তমান আনন্দৰাম বৰুৱা ছাত্ৰাবাসৰ এটা ব্লকত কেইজনমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক থাকিবলৈ দিয়াৰ বিপৰীতে ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ এটা ব্লকৰ এটা অংশত বিশ্ববিদ্যালয়ৰ স্বাস্থ্যকেন্দ্ৰ আৰু আনটো অংশত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক থাকিবলৈ দিছে।

কিন্তু প্ৰশ্ন হয়, যদি মানুহ থকাৰ পৰিৱেশ আছেই তেতিয়াহ’লে তাত ছাত্ৰাবাস কিয় বন্ধ কৰি দিয়া হ’ল?

উল্লেখ্য যে, কিছুবছৰ পূৰ্বে চহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস ভাঙি তাত কেইবামহলীয়া ছাত্ৰাবাস এটা নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও একাংশ সচেতন ৰাইজৰ প্ৰতিবাদৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। সেয়ে এই প্ৰতিবাদী কন্ঠ নাইকীয়া হোৱালৈ অপেক্ষা কৰি ছাত্ৰাবাসকেইটা ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা কৰি আছে নেকি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই?