NORTHEAST NOW (Assamese)
অসম

মৃন্ময় মূৰ্তি অবিহনে ৰজাদিনীয়া পৰম্পৰাৰে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজা আৰম্ভ

Posted by: নীলমণি শৰ্মা October 16, 2018 6:37 am
Screenshot_2018-10-16-00-00-16-732_com.mxtech.videoplayer.ad

এক ব্যতিক্ৰমী পৰম্পৰা। জাকজমকতাক পৰিহাৰ কৰি ৰজা দিনীয়া পৰম্পৰা তথা সম্পূৰ্ণ আধ্যাত্মিকভাবে পূজা অৰ্চনা হৈ আহিছে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৷

বান্দৰৰ ৰজা খ্যাত দেৱালয়ত খনত ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি দেৱালয়ত পূজা অৰ্চনা চলি আহিছে। পৰম্পৰা অনুসৰি ষষ্ঠীৰ নিশা দেৱালয় খনৰ পৰা দুই  কিলোমিটাৰ আঁতৰৰ হাদী গাৱঁৰ নিদিৰ্ষ্ট বেল গছ এজোপাৰ পৰা আদৰি অনা হ’ল দুটা বেলৰ ফল ৷

মন্দিৰৰ পৰা দেবী মাৰ পূজা অৰ্চনা কৰি সদলবলে মন্দিৰৰ পূজাৰী উপস্থিত হয় কাষৰীয়া হাদী গাৱঁত আৰু তাৰ পৰা পূজা অৰ্চনা কৰি বেল লৈ আহে টুক্ৰেশ্বৰী দেৱালয়লৈ। তাৰ পিছতে মন্দিৰত অধিবাস অনুষ্ঠিত হয় ৷ এনে দৰে পৰম্পৰাৰ মাজৰে দেৱালয়ত আৰম্ভ কৰা হ’ল শাৰদীয় দুৰ্গা পূজাৰ ৷

এই পৰম্পৰা তাহানিৰ বিজনী ৰজাৰ দিনৰে পৰা চলি অহা ৷ দেৱালয়খনত শাৰদীয় দুৰ্গা পূজা বুলিলে ভক্তপ্ৰাণ ৰাইজৰ পাৰভঙা উছাহ দেখা যায়। অকল জিলাখনৰে নহয় পূজাৰ প্ৰতিটো দিনতে ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ পৰা আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্ত ৷

বিশেষকৈ মহা নৱমীৰ দিনটোত ভক্তৰ সংখ্যা সাংঘটিকভাবে বৃদ্ধি পায়।মহা নৱমীৰ দিনা দেৱালয় খনত হাঁহ,পাৰ,কুঁহিয়াৰ,ম’হ আদিকে ধৰি লক্ষাধিক বলিদান হয়৷ উল্লেখযোগ্য যে মহা নৱমীৰ বলিৰ প্ৰসাদ গ্ৰহণ কৰিব দেৱালয়খনৰ কপি কুলে।