NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ সকলো ৰাজ্যতে বাংলাদেশীক সংস্থাপনৰ বাবে দিল্লীক হেঁচা দিব দিছপুৰে

Posted by: এন ই নাও নিউজ December 30, 2017 8:06 pm

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত বিজেপিৰ অসম প্ৰদেশ কমিটিয়ে জনাইছে যে ৰাজ্যৰ এক শ্ৰেণী লোকে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে নিজস্ব বাখ্যা আগবঢ়াই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু দলে সেইটো হ’বলৈ নিদিয়ে।

শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই কয়, ‘’ একাংশ লোকে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শংকাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু বিধেয়কৰ বিষয়ে বিভ্ৰান্তিকৰ বাখ্যা আগবঢ়াইছে।‘’

দলে লগতে জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিষয়।

‘’ বিধেয়কখনে বাস্তৱ ৰূপ পাবলৈ আগবঢ়াৰ সময়ত অসম বিজেপিয়ে বাংলাদেশৰ পৰা অহা সংখ্যালঘুসকলক ভাৰতৰ সকলো ৰাজ্যতে সমানে ভগাই ল’বৰ বাবে কেন্দ্ৰক হেঁচা দিব,’’-বিবৃতিটোত কোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে, ‘’বিজেপি অসমৰ খিলঞ্জীয়া লোকৰ লগতে ভাৰতীয় নাগৰিকৰ প্ৰতি দায়বদ্ধ। বিজেপিয়ে অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।‘’

দলে লগতে বিধেয়কখন সম্পৰ্কত বিভ্ৰান্তিৰ সৃষ্টি কৰাসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।