NORTHEAST NOW (Assamese)
অসম

মুকালমুৱা বাছ দুৰ্ঘটনা : পানীৰ তলত মৃতদেহৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত

Posted by: এন ই নাও নিউজ October 21, 2018 12:46 pm

নলবাৰী জিলাৰ মুকালমুৱাৰ শনিবাৰে সংঘটিত বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান অব্যাহত আছে।

শনিবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তাৎক্ষনিকভাৱে উদ্ধাৰ অভিযান চলাই নিহত আৰু আহত সকলক উদ্ধাৰ কৰিছিল যদিও পানীৰ তলত আৰু মৃতদেহ থকাৰ সন্দেহত এছ ডি এৰ এফ আৰু এন ডি আৰ এফে আজিও অভিযান অব্যাহত ৰাখিছে।

ইতিমধ্যে বাছখনত কিমান যাত্ৰী সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য স্পষ্ট কৰা নাই জিলা প্ৰশাসনে। ইফালে ঘটনাস্থলীত নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ২০ অক্টোবৰৰ দিনৰ ভাগত গুৱাহাটীৰ পৰা বৰপেটাৰ অভিমুখে গৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ এখন বাছ মুকালমুৱাৰ সমীপৰ আদাবাৰীত এটা দ’ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হৈছিল।

যাৰ ফলত দুৰ্ঘটনাটোত ৬ জন লোক নিহত হৈছিল আৰু গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।