NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ কুঠৰীত চেতনা-নাশক প্ৰয়োগ কৰি উদ্ধাৰ কৰা হ’ল এজনী বনৰীয়া ম’হ

Posted by: উত্তম শইকীয়া October 21, 2018 7:42 pm
Wild buffalo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজনী মাইকী বনৰীয়া ম’হক আজি পুৱা চেতনা-নাশক প্ৰয়োগ কৰি অতি সফলতাৰে পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়া হয় ৷

কাজিৰঙাৰ পৰা ওলাই অহা এই বনৰীয়া ম’হজনী পুৱাতেই কুঠৰীৰ দেওপানী অঞ্চলৰ এডৰা পলসত আৱদ্ধ হৈ পৰে। জানিব পৰা মতে কাজিৰঙাৰ পৰা ওলাই অহা উক্ত ম’হজনীয়ে বিগত এটা সপ্তাহ ধৰি কাষৰীয় অঞ্চলত থকা কৃষি পথাৰত অনিষ্ট কৰি আহিছিল।

ইয়াকলৈ বন বিভাগক স্থানীয় লোকে আপত্তি দৰ্শোৱাত যোৱা নিশা ম’হজনী পলসত আৱদ্ধ হোৱাৰ খবৰ পায়ে কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলিক বিষয়াই ম’হজনীক চেতনা-নাশক প্ৰয়োগ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ নিয়াৰ পৰিকল্পনা কৰে।

সেই অনুসৰি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰীৰ নেতৃত্বত যোৱা এক উদ্ধাৰকাৰী দলে পুৱাই দেওপানীত আৱদ্ধ ম’হজনীক চেতনা নাশক প্ৰয়োগ কৰি সফলতাৰে কাজিৰঙাৰ ভিতৰত মুকলি কৰি দিয়ে।

ম’হজনীক সম্প্ৰতি উদ্যানৰ ভিতৰতে পৰ্যবেক্ষণত ৰখা হৈছে বুলি পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে জানিবলৈ দিয়ে।