NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষ্ণাইত কৃষক মুক্তিৰ জোঁৰ সমদল

Posted by: নীলমণি শৰ্মা October 21, 2018 9:30 pm
Krishak mukti

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি জাতীয় দল-সংগঠন বোৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষ্ণাইৰ পাইকানৰ ৰাষ্ট্ৰীয় ঘাইপথত এক জোঁৰ সমদল উলিয়ায়।

গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰী সকলে পাইকানৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

ইয়াৰ উপৰি অতি সোনকালে এই বিধেয়কখন যদি চৰকাৰে বাতিল নকৰে তেন্তে সমগ্ৰ অসমতে কৃষক মুক্তিয়ে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি চৰকাৰক সকিয়াই দিয়ে।

আজি সন্ধিয়া ৬ বজাত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ ২০০তকৈ অধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।